সান্ধ্য আইনৰ সুযোগ লৈ জাগুন- লেখাপানীৰ বনাঞ্চলৰ মূল্যবান গছ কাটি তহিলং, অসম অৰুণাচলৰ অসাধু চক্ৰৰ, নীৰৱ বন বিভাগ

গণ বার্তা, লেখাপানী ৩০  এপ্ৰিল- সমগ্ৰ দেশ তথা অসমত কভিড ১৯ ৰ  সংক্ৰমণ দিনক দিনে দ্ৰুত গতিত বৃদ্ধি পোৱাত সমগ্ৰ ৰাজ্যতে নিশা সান্ধ্য  আইন জাৰি কৰিবলৈ বাধ্য হৈছে অসম চৰকাৰ । আনফালে বৰষুণৰ অভাৱত প্ৰকৃতিয়েও  খেতিয়ক সকলৰ মূৰত  মাধ মাৰ সোধাইছে । লগতে হঠাৎ কেইবাবাৰো ভূমিকম্প হোৱাৰ ফলত বহুতো ঠাইত স্থলভাগ ফাটি জলপৃষ্ঠৰ পৰা শূণ্যলৈ নৈৰ দৰে পানীৰ সোঁত বৈছে এইয়াই প্ৰমাণ যে অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল সমূহৰ মূল্যবান গছ গছনি কাটি একাংশ অসাধু চক্ৰই বনাঞ্চল নিঃশেষ কৰাৰ প্ৰতিফলন । তেনেস্থলত তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰস্তাৱিত আৰু সংৰক্ষিত বনাঞ্চল সমূহত দিনে নিশাই চলি আছে বনাঞ্চল নিধন যজ্ঞ। একাংশ  চোৰাং কাঠ মাফিয়াই কি দৰে মূল্যবান গছ সমূহ দিনে নিশাই কাটি সেই গছৰ কুণ্ডা সমূহ অৰুণাচলৰ বিভিন্ন প্লাইউড ফেক্টৰীলৈ প্ৰেৰণ কৰি আহিছে সেই তথ্য ইতিপূৰ্বে প্ৰকাশ পাইছে। প্ৰকাশ পোৱা তথ্য আছিল পাহাৰপুৰ আৰু বালিজান গাঁৱৰ গাতে লাগি থকা সংৰক্ষিত বনাঞ্চলৰ দৃশ্য।আনহাতে আজি উক্ত বনাঞ্চল খনৰ আৰু  কিছু তথ্য পোহৰলৈ আহিছে ।    এই সমগ্র অঞ্চলটোত অসমৰ জনৈক ৰাজু, সিং উপাধিৰ  কেইজনমান কাঠ মাফিয়াৰ লগত অৰুণাচল প্ৰদেশৰ ফিনভিউ মচাং গাঁৱৰ কেইজনমান চোৰাং কাঠৰ  মাফিয়াই  এফালৰ পৰা মূল্যবান হোলোং গছ সমূহ কাটি সেই গছৰ কুণ্ডা সমূহ দিনে নিশাই অৰুণাচললৈ প্ৰেৰণ কৰি আহিছে। আচৰিত কথাটো হৈছে এই অঞ্চলটো লেখাপানী বনাঞ্চলিক কাৰ্য্যালয়ৰ নিচেই কাষতে লাগি থকা স্বত্বেও কিদৰে চোৰাং কাঠ মাফিয়া সকলে এনেদৰে বিনা বাধাই গছ কাটি অবৈধ বেহা  চলাই নিবলৈ সাহস কৰিব পাৰিছে ,সেইয়া কিন্তু সচেতন মহলৰ বাবে এক নুবুজা সাঁথৰ হৈ পৰিছে। এদিন পূৰ্বে পাহাৰপূৰ অঞ্চলৰ দাঁতিত লাগি থকা বনাঞ্চলখনত সাংবাদিকৰ এটা দলৰ অভিযান চলাই বৃহৎ আকাৰৰ জাতীয় মূল্যবান হোলোং গছ কাটি অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ প্লাইউড ফেক্টৰী লৈ প্ৰেৰণ কৰাৰ তথ্য পোৱাত লেখাপানী আঞ্চলিক বন বিভাগক তথ্য সদৰী জনাইছিল সাংবাদিক দলটোৱে কিন্তু বন বিভাগৰ দলটোৱে কোনো ভূমিকা গ্ৰহণ কৰা দেখা নগল । পৰৱৰ্তী সময়ত টিপং ফাইৰিং ৰেঞ্জৰ লেখাপানী বনাঞ্চলত আকৌ সাংবাদিকৰ এটা দলে অভিযান চলোৱাত তাৰ পূৰ্বে পুৱা ভাগত লেখাপানী আঞ্চলিক বন বিভাগৰ এটা দল উক্ত স্থানত প্ৰৱেশ কৰি অহাৰ কথা গম পোৱা গৈছিল যদিও উক্ত স্থানত বন বিভাগৰ দলটোৱে বৃহৎ পৰিমাণৰ হোলোং কুণ্ডা কাটি মজুত কৰি থোৱা চকুৰে পত্যক্ষ কৰাৰ পাছতো কুণ্ডা সমূহ জব্দ কৰিবলৈ ভূমিকা গ্ৰহণ নকৰাত এটাই কথা প্ৰমাণ হয় যে চোৰাং কাঠ মাফিয়া সকলৰ লগত বন বিভাগৰ বৃহৎ পৰিমানৰ ধনৰ টোপোলা গোপন লেনদেন থকা কথাটো নুই কৰিব নোৱাৰি ।  

Leave a Reply

Your email address will not be published. Required fields are marked *