Wednesday , September 23 2020
শেহতীয়া খবৰ

সাপেখাতীত কুকুৰা পোহাৰ বাবে বাৰেগাঁওত এটা পৰিয়ালক এঘৰীয়া কৰাৰ সন্দৰ্ভত পৰিচালনা সমিতিৰ সাপেখাতী প্ৰেছ ক্লাবত সংবাদ মেল

গণ বাৰ্তা  , সাপেখাতী, ৩ ছেপ্টেম্বৰ২০ : চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম-অৰুণাচল সীমান্তৰ্বতী বাৰেগাঁও নামঘৰৰ অন্তৰ্গত এটা পৰিয়ালৰ এজন যুৱকক কুকুৰা পোহাৰ বাবেই সমাজে এঘৰীয়া কৰা বুলি যি বাতৰি প্ৰকাশ পায় তাকলৈ অঞ্চল টোৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।এই সম্পৰ্কে আজি বাৰেগাঁও নামঘৰ পৰিচালনা সমিতিৰ হৈ সভাপতি সুৰেন শইকীয়া ,সম্পাদক বৰুণ শইকীয়া মেধি , দুলাল দত্ত কাৰ্যনিবাহক সদস্য বিপুল মহন্তই উপস্থিত হৈ  আজি  সাপেখাতী প্ৰেছ  ক্লাৱত এক সংবাদ মেল আয়োজন কৰে।সংবাদ মেলত বাৰেগাঁও পৰিচালনা সমিতিৰ বিষয়বীয়াই যোৱা ৩০ তাৰিখে  এটা বৈদ্যুতিক মাধ্যমত আৰু ৩১ আগষ্ট তাৰিখে দুখনমান চপা মাধ্যমত বাতৰি প্ৰচাৰ হোৱা পাছতে সমগ্ৰ অঞ্চলটোত ৰাইজৰ  মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা  সম্পৰ্কে  আজি সাপেখাতী প্ৰেছ ক্লাৱত বাৰেগাঁও নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে  এক সংবাদ মেল অনুষ্ঠিত কৰি সম্পূৰ্ণ এটা মিছা বাতৰি প্ৰচাৰ কৰি অসমৰ ৰাইজৰ ওচৰত গাঁও খনৰ মৰ্যদা লাঘৱ কৰা বুলি উল্লেখ কৰে । লগতে সম্পাদক গৰাকীয়ে তথ্য সহ দাঙি ধৰে যে  চলিত বৰ্ষৰ ১৬ আগষ্ট তাৰিখে নামঘৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা কাৰ্যনিৰ্বাহক সভাত বৰ্তমান সময়ৰ প্ৰতি লক্ষ্য ৰাখি কোনো ব্যক্তিয়ে যদি কুকুৰা পুহিব ইচ্ছা কৰে তেন্তে ঘৰৰ বাহিৰত কুকুৰা পুহিবলৈ অনুমতি প্ৰদান কৰা হয় আৰু বিষয়টো ২৪ আগষ্ট তাৰিখে সাধাৰণ সভা পাতি গৃহীত কৰা হয় ।তাৰ পাছত গাঁওৰে যুৱক প্ৰনৱ বৰাক কুকুৰা পোহাৰ বাবে এঘৰীয়া কৰা বুলি ৩০ তাৰিখে এটা বৈদ্যুতিক মাধ্যমিক প্ৰচাৰ কৰা ৩১ তাৰিখে দুখনমান চপা মাধ্যমত প্ৰকাশ কৰাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে । আনহাতে সংবাদ প্ৰকাশ হোৱা পাছতে প্ৰনৱ বৰাইও নামঘৰলৈ আহি তামোল পান আগবঢ়াই সেৱা লৈ  তেওঁ কৰা ভুলৰ ক্ষমা খোজা বুলিও প্ৰকাশ কৰে ।  লগতে উক্ত দিনা তেওঁ কোনো সংবাদকৰ্মীক নিমন্ত্ৰণ কৰা নাছিল বুলিও প্ৰনৱ বৰাই ৰাইজৰ আগত প্ৰকাশ কৰে । সভাপতি সম্পাদকৰ ওপৰিও নামঘৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক বিপুল মহন্তই সংবাদ মেলত স্পষ্ট কৰি দিয়ে যে উক্ত দিনা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ কৰ্মী দুজনক তেওঁ বিষয়টোৰ সন্দৰ্ভত সচা কথা বিলাক জানিবলৈ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকক লগ কৰিবলৈ কয় যদিও তেওঁ লোকে তাকে নকৰি একপক্ষ ভাৱে এটা ভূৱা বাতৰিউপস্থাপন কৰা বুলি উল্লেখ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *