Monday , September 21 2020
শেহতীয়া খবৰ

সাপেখাতীত তীব্ৰ আতংক : সোণাৰি সমষ্টিৰ বিধায়িকাৰ পুত্ৰ, গাড়ী চালক,ব্যক্তিগত সহায়ক কৰোণাত আক্ৰান্ত।

গণ বাৰ্তা , সাপেখাতীৰ ১৭ জুলাই : চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বিধায়িকাৰ পুত্ৰ, ব্যক্তিগত সহায়ক আৰু গাড়ী চালক কৰোণাত আক্ৰান্ত হোৱাত সমষ্টিবাসী ৰাইজ তীব্ৰ আতংক ভুগিছে।প্ৰাপ্ত তথ্য মতে সোণাৰি বিধান সভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ পুত্ৰ কৰুণজ্যোতি সন্দিকৈ (৩০) ব্যক্তিগত সহায়ক যীশু পাল আৰু গাড়ী চালক কাৰ্তিক বড়া (৩২) কৰোণাত আক্ৰান্ত বুলি মেডিকেল পৰীক্ষাত ধৰা পৰিছে।যাৰ ফলশ্ৰুতিত সমগ্র সমষ্টি বাসী ৰাইজ আতংকিত হোৱা পৰিলক্ষিত হৈছে।জানিব পৰা মতে যোৱা কালি তথা বৃহস্পতি বাৰে বিধায়িকা নৱনীতা সন্দিকৈয়ে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এক বিশেষ সভাত অংশগ্ৰহণ কৰিছিল।জিলা উপায়ুক্ত লগতে যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন,শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাই লগতে প্ৰশাসনৰ বহুতেই অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও প্ৰতি দিনে বিধায়িকাৰ সাপেখাতীস্থিত বাসগৃহলৈ শ শ লোক বিভিন্ন কামত অহা যোৱা কৰি আহিছে।যাৰ ফলত সংক্ৰমণ হৈ বহুতো লোক কৰোনাত আক্ৰান্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখযোগ্য যে চৰাইদেউ জিলাত ১০৫ গৰকী লোক কৰোণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭২ গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *