Sunday , September 20 2020
শেহতীয়া খবৰ

সীমা বিবাদক কেন্দ্ৰ কৰি লাডাখত যুদ্ধংদেহী পৰিস্থিতি মধ্যস্থতাকাৰী হ’বলৈ সাজু আমেৰিকা

দৈনিক গণঅধিকাৰঃ  কোৰোনা ভাইৰাছে বিশ্বৰ লগতে দেশত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে সীমা বিবাদক কেন্দ্ৰ কৰি লাডাখত এক যুদ্ধংদেহী পৰিস্থিতিৰ সৃষ্টি হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰত ভূখণ্ডত প্ৰৱেশ কৰি সামৰিক সজ্জা সষ্টম কৰি তোলাক লৈ চীনক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ভাৰত। একপ্ৰকাৰ সীমা বিবাদক কেন্দ্ৰ কৰি লাডাখ সীমান্তত যুদ্ধৰ দামামা চলিছে। ভাৰত ভূখণ্ডৰ দহ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি চীনে স্থাপন কৰিছে শতাধিক শিবিৰ। চীনৰ এই আগ্ৰাসনক লৈ সষ্টম হৈ পৰিছে ভাৰত। প্ৰতিমুহূৰ্তত দিল্লীত অনুষ্ঠিত হৈছে বৈঠক। ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা মুৰববীসকলৰ লগত পৰ্যালোচনাত মিলিত হৈ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনা বাহিনীক প্ৰস্তুত হৈ থকাৰ নিৰ্দেশ দিছে। মূলতঃ কোৰোনাৰ এই আতংকৰ মাজতে চীনে লাডাখত ভাৰতৰ ফালে প্ৰায় দহকিলোমিটাৰ ভিতৰলৈ সোমাই আহি বিস্তীৰ্ণ এলেকাত সামৰিক তৎপৰতা অব্যাহত ৰাখিছে।

আনফালে নেপালে চীন সীমান্তৰ তিনিখন ঠাই নিজৰ বুলি দাবী কৰি এখন নতুন মানচিত্ৰ প্ৰকাশ কৰিছে। এনে জটিল পৰিস্থিতিৰ মোকাবিলা কৰাৰ উদ্দেশ্যে কালি প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ভাৰতে উপগ্ৰহৰ জৰিয়তে সংগ্ৰহ কৰা ছবিৰ পৰা দেখা পাইছে যে চীনা বাহিনীয়ে লাডাখৰ কাষত এটা বিমান ঘাটী নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। সক্ৰিয় হৈছে সীমান্তৱৰ্তী ঘাটীত চীনা যুদ্ধ বিমান। অঞ্চলটোত চীনে স্থাপন কৰিছে কেবা শতাধিক টম্বু অৰ্থাৎ শিবিৰ। হেলিকপ্টাৰ সঘনাই আকাশত উৰিছে। চীনৰ এই আগ্ৰাসনক লৈ উদ্বিগ্ন হৈ পৰিছে দিল্লী। প্ৰতি মুহূৰ্তত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৈঠকত মিলিত হৈ চীনক উচিত প্ৰত্যুত্তৰ দিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে। ভাৰতীয় সীমান্তত সমৰসজ্জা গঢ়ি তুলিছে।

চীনৰ এই আগ্ৰাসী মনোভাৱক কঠোৰ হাতেৰে দমন কৰিবলৈ স্থল, জল আৰু বায়ু সেনাক নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে লাডাখ সীমান্তত ভাৰতে নিৰ্মাণ কৰি থকা বৃহৎ পথক কেন্দ্ৰ কৰি এই সংঘাতৰ সৃষ্টি হৈছে। এনে সংঘাতৰ মাজতে পথৰ নিৰ্মাণকাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে। চীনৰ দৰেই সমসংখ্যক সেনাৰ মোতায়েন বৃদ্ধি কৰিবলৈ সেনা বাহিনীক সেউজ সংকেত দিয়া হৈছে। কাৰ্যতঃ ভাৰতেও চীন বাহিনীৰ লগত সংঘাতত লিপ্ত হ’বলৈ সাজু হৈছে সেয়া নিশ্চিত। চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিঙে ইতিমধ্যে চীনা সেনাক যুদ্ধৰ বাবে সাজু হ’বলৈ দিয়া নিৰ্দেশক লৈ লাডাখ সীমান্তত একপ্ৰকাৰ যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। যিকোনো সময়তেই ভাৰত আৰু চীনৰ মাজত হ’ব পাৰে যুদ্ধ। যাৰ বাবে দুয়োখন ৰাষ্ট্ৰই সামৰিক সজ্জা গঢ়িতুলিছে। প্ৰতিমুহূৰ্তত অস্ত্ৰ-সস্ত্ৰৰে সুসজ্জিত সেনা বাহিনীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰত ভূখণ্ডত প্ৰৱেশ কৰি চীন বাহিনীয়ে লাডাখৰ গালোৱান উপত্যকাৰ বৃহৎ এলেকা নিজৰ দখললৈ নি সেই স্থানত সেনা বাহিনীৰ সঞ্চালন ঘটাইছে। বৃদ্ধি কৰিছে সেনা মোতায়েন।

সামৰিক যান-বাহন, অস্ত্ৰ-শস্ত্ৰ আদিৰে সজ্জিতকৰণ, সামৰিক হেলিকপ্টাৰেৰে চলাচল আদি বৃদ্ধি কৰা দেখি প্ৰতিবেশী দেশখনে যুদ্ধংদেহী স্থিতি লোৱা বুলি ভাৰতে বুজি উঠিছে। ফলত ভাৰতে পূৰ্বৰ যি স্থিতিত দেশখন আছিল সেই স্থিতি সলনি কৰা নাই বুলি সমুখক্ষেত্ৰত থকা কমাণ্ডাৰসকলক জনাই দিছে। সেনা বাহিনীৰ এটা সূত্ৰই কয় যে ইতিমধ্যে গালোৱান উপত্যকাৰ চীনে ভাৰতৰ ফালে দহ কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছে। নিজৰ দখললৈ নিছে হটস্পষ্ট আৰু বেংগং ছো হ্ৰদ। চীনা বাহিনীক পিছহুহিকি যাবলৈ কৈ মুঠতে ভাৰতীয় সেনা বাহিনীয়ে লাডাখৰ চীনা বাহিনীৰ লগত ছয়লানি আলোচনা চলাই যদিওব্যৰ্থ হয়।

এনে পৰিস্থিতিত ভাৰতেও কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। চীনৰ তিববত সীমান্তত স্পৰ্শ কৰিব পৰাকৈ ভাৰতে নেপালৰ ভূখণ্ড নিজৰ দখললৈ নি পথ নিৰ্মাণ কৰাৰ পিছতেই খৰ্গহস্ত হৈ পৰিছে চীন। আনহাতে নেপালেও ভাৰতৰ দখলত থকা তিনিখন ঠাই নিজৰ বুলি দাবী কৰি নতুনকৈ এখন ৰাজনৈতিক মানচিত্ৰ প্ৰকাশ কৰিছে। যি কি নহওক লাডাখ সীমান্তত এতিয়া চলিছে যুদ্ধৰ দামামা। এক যুদ্ধসদৃশ পৰিৱেশে গা কৰি উঠিছে। চীন আৰু ভাৰতৰ মাজত চলিবলগীয়া এই যুদ্ধংদেহী পৰিৱেশক কেন্দ্ৰ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সংঘাতৰ মধ্যস্থতাকাৰী হ’বলৈ সাজু বুলি টুইটাৰত উল্লেখ কৰিছে। মূলতঃ যোৱা কিছুদিন পূৰ্বে সীমান্তত চীনা আৰু ভাৰতীয় সেনাৰ মাজত এক হতাহতিৰ সৃষ্টি হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *