Wednesday , September 23 2020
শেহতীয়া খবৰ

সুধাকণ্ঠৰ জন্মদিনত সশ্ৰদ্ধ সোঁৱৰণ অসম সেনা  – আছুৰ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৯ ছেপ্টেম্বৰ :  বিশ্বৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ ৯৪তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি অসম সেনা,যোৰহাট মহানগৰ সমিতি আৰু যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই যোৰহাট নগৰৰ মাজমজিয়াৰ সহস্ৰাব্দী কাননত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি ৫০১ গছি বন্তি প্ৰজ্বলন কৰি মহান মনীষীজনৰ সোঁৱৰণত গীতে-মাতে এটা সন্ধ্যা উৎসৰ্গা কৰে ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা অসম সেনা,যোৰহাটৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈ আৰু অসম সেনাৰ ৰূপ অধ্যাপকে আঁত ধৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোক সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড , অসম আন্দোলনৰ সক্ৰিয় নেতা সমীৰণ বৰদলৈয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে ৷ অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তাৰূপে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক শুভাশীষ শৰ্মা ছাৰে সাৱলীল বক্তব্যৰে সকলোকে আপ্লুত কৰে ৷ তেখেতে নিজৰ বক্তব্যত সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজী চিৰযুগমীয়া কৰি প্ৰচাৰ আৰু প্ৰসাৰৰ স্বাৰ্থত গীতসমূহ বিভিন্ন জনগোষ্ঠীয়,আঞ্চলিক ভাষালৈ অনুবাদ কৰাৰ উদ্যোগ লোৱাৰ পোষকতা কৰে ৷ বিশিষ্ট শিল্পী জয়ন্ত নাথ , ৰিন্টু শইকীয়া,”মাজুলী” গীতেৰে জনপ্ৰিয় উদীয়মান শিল্পী নিলোৎপল বৰা,বিতুৰাজ ভৰালী,শুভাশীষ গোস্বামীকে ধৰি ১৩ গৰাকী শিল্পীয়ে সংগীতসূৰ্য্য ড°ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিবেশন কৰাৰ লগতে জনপ্ৰিয় কবি ৰ’নাল্ড টাইড আৰু বিপুল নেওগে সুধাকণ্ঠৰ স্বৰচিত কবিতা আবৃত্তি কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷ অনুষ্ঠানটোৰ আৰম্ভণিতে আজি অকাল মৃত্যুক সাৱটি লোৱা তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা দ্বীপ দত্তৰ মাতৃ তথা অসম আন্দোলনৰ অক্লান্ত কৰ্মী সন্ধ্যা দত্তৰ বিদেহ আত্মাৰ চিৰসদগতি কামনা কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকি ছাত্ৰ নেতা জুল খাউণ্ডে কয় , ড° ভূপেন হাজৰিকা দেৱৰ অমৰ সৃষ্টিৰাজি সদায় জনমানসত জীয়াই থাকিব লাগিব , তেওঁৰ এই সৃষ্টিৰাজী নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰেই আজিৰ এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য । ছাত্ৰ সন্থাই অনাগত দিনটো এই মহান গণশিল্পী গৰাকীৰ অমৰ সৃষ্টিৰাজী অনাদি অনন্ত কাললৈ জীয়াই থকাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ প্ৰয়াস অব্যাহত ৰাখিব । লগতে তেওঁ কয়,অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ ধ্ৰুৱতৰাস্বৰূপ ড° ভূপেন হাজৰিকা দেৱৰ স্বৰচিত প্ৰতিটো গীতৰ বাস্তৱসন্মত কথা সমূহ বৰ্তমানৰ সমাজত প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগে । অসম সেনা, যোৰহাট মহানগৰ সমিতিৰ উপদেষ্টা অৰূপ পূজাৰী , মুখ্য সংগঠক ৰবি শংকৰ শৰ্মা , উপ মুখ্য সংগঠক দেৱাশীষ খাউণ্ড , যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমণি ভূঞা , সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰা উপস্থিত থকা অনুষ্ঠানটোত বিগত সময়ত যোৰহাটৰ কেইবাগৰাকীও উদ্যমী তৰুণে সুধাকণ্ঠৰ কালজয়ী সৃষ্টি “মানুহে মানুহৰ বাবে” গীতটোৰ শীৰ্ষ শাৰীটোক সৰোগত কৰি যোৰহাটৰ পদপথত বাস কৰা গৃহহীন তথা আশ্ৰয়স্থলবিহীন লোকসকলক নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে বিগত প্ৰায় দুমাহ সময় ধৰি অন্ন যোগান ধৰা এই উদ্যমীসকলক উৎসাহ যোগাবলৈ আজিৰ এই পৱিত্ৰ দিনটোতেই একোখনকৈ ফুলাম গামোছাৰে অভিনন্দন জনোৱা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *