Home Main Stories সৃজনগ্ৰামৰ বজাৰসমুহত আভাৱনীয় ভিৰ; ক’ভিড প্ৰট’কলক অংগুষ্ঠ প্ৰদৰ্শন

সৃজনগ্ৰামৰ বজাৰসমুহত আভাৱনীয় ভিৰ; ক’ভিড প্ৰট’কলক অংগুষ্ঠ প্ৰদৰ্শন

109
0

গণ বাৰ্তা,সৃজনগ্ৰাম, ০৭ মে’ : সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ বৰঘোলা,আলোকঝাড়ী,ৰাস বজাৰৰ সপ্তাহিক বজাৰবোৰত দেখা গ’ল অভাৱনীয় পৰিৱেশ । সপ্তাহৰ শনিবাৰ,ৰবিবাৰ,মঙ্গলবাৰ,বুধবাৰ,শুক্ৰবাৰ আৰু সোমবাৰ বহা বজাৰলৈ পূৰ্ৱৰ দৰে ওলাই আহিল শ শ ক্ৰেতা বিক্ৰেতা । ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতো সৃজনগ্ৰামৰ বজাৰ সমুহলৈ অহা লোকসকলোৰ মাজত নাই কোনো ধৰনৰ সামাজিক দূৰত্ব লগতে কিছু সংখ্যক মানুহৰ মুখতহে দেখা গ’ল মাস্ক । চৰকাৰী নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই পূৰ্ণোদ্যমেৰে চলিছে সপ্তাহিক বজাৰ সমুহ আনহাতে ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সৃজনগ্ৰাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰকাৰৰ নিৰ্দেশনাত ভেকচিন আৰু কৰোনা টেষ্ট প্ৰক্ৰিয়া চলি থকাৰ সমান্তৰালকৈ সৃজনগ্ৰামত দৈনিক বৃদ্ধি পাইছে কোৰোনা পজিটিভৰ সংখ্যা তথাপি কান-সাৰ নাই প্ৰশাসনৰ । এনেদৰে সপ্তাহিক বজাৰ সমুহ চলি থাকিলে কোৰোনা ভাইৰাছৰ গণ সংক্ৰমন হোৱাটো নিশ্চিত বুলি দাবি কৰিছে সচেতন মহলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here