Thursday , August 13 2020
শেহতীয়া খবৰ

সেনা-আৰক্ষীৰ জিম্মাত প্ৰাণ হেৰুওৱা জয়ন্ত বৰাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ 

সঞ্জয় ৰবিদাস,বৰহোলাঃ সেনা-আৰক্ষীৰ জিম্মাত অস্বাভাৱিকভাৱে প্ৰাণ হেৰুওৱা বৰহোলা বালিজানৰ  জয়ন্ত বৰাৰ অস্বাভাৱিক মৃত্যুৰ পোন্ধৰ দিন উকলাৰ পিছত আজি অঞ্চলটোৰ সহস্ৰাধিক ৰাইজ আৰু স্থানীয় দল-সংগঠনৰ উপস্থিতিত  বালিজানস্থিত কাকডোঙা হাবিগাঁও পঞ্চায়তৰ গাভৰু আলিৰ নিজা বাসগৃহত যুৱকজনৰ ৰাজহুৱা  আদ্যশ্ৰাদ্ধ সম্পন্ন হৈ যায় ।পুৱা আঠ বজাত জয়ন্ত বৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন,পুষ্পবৃষ্টিৰে জয়ন্তৰ মাতৃ আৰু আইতাকৰ লগতে উপস্থিত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।ইয়াৰ পিছতে ধৰ্মীয় নাম-প্ৰসংগ আৰু যথাৰীতিমতে জয়ন্তৰ আদ্যশ্ৰাদ্ধ সম্পন্ন কৰা হয়।যোৱা ১৫ জুনৰ মাজনিশা সেনা-আৰক্ষীয়ে শোৱাপাটীৰ পৰা উঠাই লৈ যোৱা বালিজানৰ জয়ন্ত বৰাই ৰহস্যজনকভাৱে সেই নিশাই প্ৰাণ হেৰুৱাইছিল। তাৰ এদিনৰ আগলৈকে সুস্থ শৰীৰে ফুটবল খেলি থকা সুঠাম যুৱকজনৰ মৃত্যুক সেয়েহে সহজভাৱে লোৱা নাছিল পৰিয়ালৰ লোক তথা স্থানীয় দল-সংগঠনে । মেজৰ শচীন সিনহাৰ নেতৃত্বত অহা ২৪৪নং চৰাইদেউ ৰেজিমেণ্টৰ আৰ্মি দল আৰু নিলম্বিত তিনি আৰক্ষী বিষয়া ক্ৰমে তিতাবৰ মহকুমা আৰক্ষী বিষয়া অমৃত কুমাৰ হোজাই ,বৰহোলা আৰক্ষী থানাৰ বিষয়া মিন্টু সন্দিকৈ আৰু বেকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দলেৰ বিৰুদ্ধে স্থানীয় দল-সংগঠনে জয়ন্ত বৰাৰ হত্যাৰ অভিযোগ তুলিছিল । সেনা- আৰক্ষীৰ জিম্মাত জয়ন্ত বৰাৰ অস্বাভাৱিক মৃত্যুৰ আয়ুক্ত পৰ্যায়ৰ  তদন্ত প্ৰক্ৰিয়া  চলি আছে । ইতিমধ্যে তদন্তকাৰী বিষয়া ললিত গগৈয়ে সাক্ষ্যগ্ৰহণ আৰু তথ্য-প্ৰমাণ সংগ্ৰহ প্ৰক্ৰিয়া সম্পন্ন কৰিছে । জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমন্বয় সমিতিয়ে জয়ন্তৰ বৰাৰ  চোতালত জয়ন্ত বৰাক সেনা-আৰক্ষীয়ে নিৰ্মম অত্যাচাৰ চলাই হত্যা কৰাৰ ঘটনাক গৰিহণা দি জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ক্ষিপ্ৰ ,নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলি তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনায় । আজিৰ প্ৰতিবাদী সভাত যোৰহাটৰ অধিবক্তা হেমেন বৰা ,প্ৰাগ নিউজৰ সাংবাদিক উৎপল বৰা , চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মা,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা ল্যুচন শ্যাম গগৈ,অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ বৰহোলা আঞ্চলিকৰ সভাপতি মিলন গগৈ, সম্পাদক ব্যাসদেৱ শইকীয়া, বৰহোলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ভাস্কৰ নেওগ উপস্থিত থাকি বক্তব্য আগবঢ়ায়  ।

Leave a Reply

Your email address will not be published. Required fields are marked *