শেহতীয়া খবৰ

সেনা- আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত তিনি দূৰ্ধৰ্ষ গঁড় চিকাৰী আটক

একে চিৰিজৰ ৰাইফল, গ্ৰেণেড সহ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ, মণিপুৰৰ পৰাই নিয়ন্ত্ৰণ হৈ আহিছে গঁড় চিকাৰ কাৰ্য

দৈনিক গণঅধিকাৰ, ছাইদুল ইছলামঃ যোৱা ২৮ মেত ধনশিৰিৰ এক ভিতৰুৱা এলেকাত বনকৰ্মীৰ এটা দলৰ সৈতে গঁড় চিকাৰীৰ এটা দলৰ মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত এটা গঁড় চিকাৰীৰ থিতাতে নিহত বিপৰীতে দলটোৰ আনকেইটা সদস্য পলাই সাৰিবলৈ সক্ষম হয় ৷ তেতিয়াৰে পৰা কাৰবি আংলং  জিলা আৰক্ষীয়ে দূৰ্ধৰ্ষ গঁড় চিকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰে ৷ কাজিৰঙাত অলপতে হত্যা কৰা গঁড়টোৰ খৰ্গ সহ চুবুৰীয়া নাগালেণ্ডত প্ৰৱেশ কৰাৰ চেষ্টা অব্যাহত ৰখা গঁড় চিকাৰী দলটোৰ নাগালেণ্ডত প্ৰৱেশ কৰিব পৰা সকলো সম্ভাব্য পথ বন্ধ কৰি আৰক্ষীয়ে কেইবাদিন ধৰি চলোৱা অভিযানৰ অন্তত এই উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ সূত্ৰে লাভ কৰা তথ্য অনুসৰি এক গোপন সূত্ৰৰ পমখেদি বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত পাট্ৰাদিছাৰ পৰা আৰক্ষীয়ে অভিযান চলাই গঁড়ৰ খড়গ  চুৰি চক্ৰৰ দূৰ্ধৰ্ষ সদস্য বিকি থাপাক আটক কৰে ৷ বিক্কি থাপা নগাওঁ জিলাৰ  জখলাবন্ধা থানা এলেকাৰ চামগুঠি চাহ বাগানৰ বুলি জানিব পৰা গৈছে ৷ পিছত অপৰাধীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু আৰু ধনশিৰিত অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ লামকা  চুড়চান্দপুৰৰ  ডেভিড চিয়া ওৰফে চামবৈ আৰু নগাওঁ জিলাৰ চালনা নপানীৰ চিমন লাক্ৰা নামৰ দুটা গঁড় চিকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ইফালে এই তিনিওটা দূৰ্ধৰ্ষ গঁড় চিকাৰীৰ স্বীকিৰোত্তিৰ ভিত্তিত উদ্ধাৰ হোৱা বুজন পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰে সকলোৰে  চকু কঁপালত উঠিছে ৷

গঁড় চিকাৰী চক্ৰটোৰ স্বীকাৰোত্তিৰ ভিত্তিত আঞ্জুকপানী থানাৰ থেকেৰাজানত অভিযান চলাই এটা AK 81, দুটা AK56, এটা DBBL এটা chinease granede, 400 জাঁই সজীৱ গুলী,6 মেগাজীন   12 বৰৰ গুলী আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ ধৃত অপৰাধীটোৱে কাজিৰঙাত অলপতে সংঘটিত হোৱা গঁড় হত্যা গোচৰত জড়িত বুলি আৰক্ষীৰ জেৰাত অপৰাধী কেইটাই স্বীকাৰ কৰিছে ৷এই সন্দৰ্ভত বোকাখাত থানাত  ১৩১/২০২০ নম্বৰত এক গোচৰো ৰুজো হৈ আছে ৷আনহাতে গঁড় চিকাৰী চক্ৰটোৰ আন তিনিটা দূৰ্ধৰ্ষ সদস়্য তিনিটা এতিয়াও পলাতক অৱস্থাত আছে ৷ পলাতক দূৰ্ধৰ্ষ গঁড় চিকাৰী কেইটা ক্ৰমে, জনথাং ওৰফে থাংবই, মুৱামুৱান পাইটে ওৰফে অভাৰচাইজ আৰু এনগাকুকি ওৰফে লুনুন বুলি চিনাক্ত কৰা হৈছে ৷এই আটাই কেইটা গঁড় চিকাৰী মণিপুৰৰ চূৰচান্দপুৰৰ বুলি নিশ্চিত কৰা হৈছে ৷ পলাতক আৰক্ষী কেইটাৰ সন্ধানত অভিযানকাৰী দলে তীব্ৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ আনহাতে অলপতে ধনশিৰিত নিহত হোৱা গঁড চিকাৰীটো মাং ওৰফে মাংবই পাইটে বুলি চিনাক্ত কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *