Friday , September 25 2020
শেহতীয়া খবৰ

সেৱা ভাৰতী আৰু অৰ্ণদা ছোচিঅ ইকনোমিক হেলথ এছোচিয়েচনৰ উদ্যোগত মাস্ক চেনিটাইজাৰ বিতৰণ:আৰু কেঞ্চাৰ ৰোগৰ সজাগতা সভাঃ

গণ বার্তা, আমগুৰি ১৭ আগষ্ট :  যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ বামুনপুখুৰী গাঁও পঞ্চায়ত এলেকাৰ মাজ গাঁও, চুৰামণি গাঁও, জাঁজী মুছলিম গাঁও, পুৰণি মটীয়া গাঁও, বৰা গাঁও , গায়েন গাঁও আদি প্ৰায় দহ টা স্থানত আজি সামাজিক দূৰত্ব মানি সেৱা ভাৰতী আৰু অৰ্ণদা ছোচিঅ ইকনোমিক হেলথ এছোচিয়েচনৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ডেৰ শতাধিক পৰিয়ালৰ মাজত লিফলেট, মাস্ক আৰু চেনিটাইজাৰ বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। সভাসমূহত সেৱা ভাৰতীৰ কার্যকর্তা অবিশাস শইকীয়া আৰু বামুনপুখুৰীৰ সুসন্তান তথা ৰাজ্যৰ বিশিষ্ট কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ যদুনাথ বুঢ়াগোহাঁই উপস্থিত থাকি ৰাইজক সচেতন কৰাৰ লগতে চিকিৎসক বুঢ়াগোহাঁয়ে কৰ্কট ৰোগ সম্পৰ্কত ৰাইজক সজাগ কৰে। কৰ্টটৰোগ চিকিৎসক গৰাকীয়ে মহিলা সকলক স্তনৰ কৰ্কটৰোগ চিনাক্ত কৰণৰ প্ৰাথমিক পদ্ধতি সন্দৰ্ভত অৱগত কৰে। আনহাতে সাংবাদিকৰ সতে হোৱা কথা বতৰাত চিকিৎসক জনে গ্ৰাম্যাঞ্চলত পর্যায়ক্ৰমে মাস্ক আৰু চেনিটাইজাৰ বিতৰণৰ কাৰ্যসূচী গ্ৰহণৰ কথা উল্লেখ কৰাৰ লগতে অঞ্চলভেদে বিশেষজ্ঞ চিকিৎকসৰ দ্বাৰা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হব বুলি অৱগত কৰে। অঞ্চলবাসীয়ে চিকিৎসকগৰাকীৰ লগতে সেৱা ভাৰতীৰ এনে সৎ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *