Friday , September 25 2020
শেহতীয়া খবৰ

সোণাৰি সমষ্টিৰ বিধায়িকাৰ দেহত কোৰোনা পজিটিভ । পুত্ৰৰ লগতে মাতৃও পজিটিভ , সোনাৰীত চাঞ্চল্য

গণ বাৰ্তা সাপেখাতী , ১৯ জূলাই : চৰাইদেউ জিলাৰ সোণাৰি বিধান সভা সমষ্টিৰ বিধায়িকাৰ পুত্ৰ, ব্যক্তিগত সহায়ক গাড়ী চালক কোৰোনাত ধনাত্মক ওলোৱাৰ পাছতে এতিয়া বিধায়িকা নৱনীতা সন্দিকৈৰ দেহতো ক’ভিড ১৯ পজিটিভ হোৱাৰ বাতৰি পোৱা গৈছে । উল্লেখ্য যে বিধায়িকা গৰাকীৰ ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ ৰয় আৰু গাড়ী চালক ৰঞ্জিত গগৈৰ দেহতো ধৰা পৰিছে ক’ভিড ১৯ পজিটিভ। বিধায়িকা গৰাকীৰ ৰেপিড টেষ্টত ধৰা পৰে ক’ভিড পজিটিভ। মন কৰিবলগীয়া যে দুদিন পূৰ্বে বিধায়িকাগৰাকীৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ, ব‌্যক্তিগত সহায়ক যীশু পাল আৰু গাড়ী চালক কাৰ্তিক বড়াৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ। ইফালে পুত্ৰ তথা ব্যক্তিগত সহায়ক আৰু গাড়ী চালকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ আগদিনা চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহনৰ লগতে বহু কেইগৰাকী উচ্চ পদস্থ বিষয়াৰ সৈতে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভাত অংশগ্ৰহন কৰিছিল বিধায়িকা নৱনীতা সন্দিকৈয়ে। যাৰ ফলত এতিয়া গণ সংক্ৰমণৰ আশংকাই দেখা দিছে চৰাইদেউ জিলাত।

Leave a Reply

Your email address will not be published. Required fields are marked *