Friday , September 25 2020
শেহতীয়া খবৰ

সৰবৰহী মহিলা কলিমতী ল‌ইঙৰ মৃত্যুত শোক

গণ বাৰ্তা, বোকাখাত, ১৩ আগষ্ট :  বোকাখাত মহকুমা মহুৰামুখৰ উজনি বংকুৱাল গাঁৱৰ বুঢ়া নামঘৰৰ সভাপতি, উজনি বংকুৱাল গাওঁৰক্ষী বাহিনী সভাপতি ৰূপকান্ত ল‌ইঙৰ পত্নী তথা অসম আদিত্য কাকতৰ মহুৰামুখৰ সংবাদদাতা হেমন্ত লইংৰ মাতৃ কলিমতী ল‌ইঙৰ (৬২) বাৰ্ধক্যজনিত কাৰণত কালি নিজা বাসগৃহত মৃত্যু ঘটে ৷ মৃত্যুৰ সময়ত স্বামী, দুজন পুত্ৰ, বোৱাৰী, জীয়াৰী, নাতি নাতিনী আৰু বহুতো আত্মীয়ক সংসাৰত এৰি গৈছে ৷ কলিমতী ল‌ইঙৰ মৃত্যুত সমগ্ৰ বংকুৱাল অঞ্চলটোত শোকৰ ছাঁ পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *