Wednesday , September 23 2020
শেহতীয়া খবৰ

সৰুপথাৰত আমছুৰ মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

গণ বাৰ্তা, বৰপথাৰ ২০ আগষ্ট : ৰাজ্যখনৰ সংখ্যালঘু ছাত্ৰ সকলৰ বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰী সন্দৰ্ভত বৰ্তমান লৈকে চৰকাৰখনে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ( আমছু) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি গোলাঘাট জিলাৰ সৰুপথাৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । আমছু গোলাঘাট জিলা সমিতিৰ উদ্যোগত ধনশিৰি মহকুমা সমিতিৰ সহযোগত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ সংখ্যালঘু ছাত্ৰ সকলৰ বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰী সন্দৰ্ভত ৰাজ্য চৰকাৰে বিহীত ব্যৱস্তা গ্ৰহন নকৰাৰ প্ৰতিবাদত প্ৰতিমূৰ্তি দাহ কাৰ্য্যসুচী হাতত লয় । অসম চৰকাৰ হায় হায়, ,ৰঞ্জিত দত্ত মুৰ্দাবাদ,ছাত্ৰ বিত্তিৰ কেলেংকাৰীৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰক, ,ছাত্ৰ বৃত্তিৰ নামত দুৰ্নীতি বন্ধ কৰক ইত্যাদি শাসক বিৰোধী শ্ল’গানেৰে সৰুপথাৰৰ নগৰৰ ৰাজপথ উত্তাল কৰি তোলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে গোলাঘাট জিলাৰ আমছুৰ সাধাৰণ সম্পাদক ইৰফান আহমেদৰ লগতে আমছুৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি, সম্পাদক প্ৰমূখ্যে সংগঠনটোৰ বহু বিষয়ববীয়া । ইফালে সংগঠনটোৱে বুধবাৰে এই বিষয়তোৰ সন্দৰ্ভত উঠৃচিত তদন্তৰ দাবীৰে ধনশিৰি মহকুমাধিপতিৰ যোগেদি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈও এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *