শেহতীয়া খবৰ

হাইছেকণ্ডাৰীৰ ফলাফলত ঘটিব বিলম্ব, জুনৰ শেষত ফলাফল ঘোষণাৰ সম্ভাৱনা

দৈনিক গণঅধিকাৰ,গুৱাহাটীঃ কোৰোনা ভাইৰাছৰ প্ৰভাৱত দেশত লকডাউন চলি থকাৰ বাবে ৰাজ্যৰ শিক্ষাব্যৱস্থাত ব্যাপক তাৰতম্য পৰিলক্ষিত হৈছে। বিগত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল মে’ মাহত ঘোষণা কৰা হৈছিল যদিও এইবেলি পিছুৱাব ফলাফল ঘোষণাৰ দিন। বিগত বৰ্ষত ২৩ মে’ত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও এইবেলি জুনৰ শেষতহে ফলাফল ঘোষণা কৰিব পাৰিব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

লকডাউনৰ বাবে বিভিন্ন কেন্দ্ৰত পুনৰীক্ষণ আদি কামৰ বাবে বিলম্ব হ’ব ফলাফল ঘোষণাৰ। ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৰাজ্যৰ ৪৮টা কেন্দ্ৰত বহীৰ মূল্যায়নৰ কাম সম্পূৰ্ণ কৰি তুলিছে। মে’ মাহত প্ৰথম ভাগত এই কেন্দ্ৰ সমূহৰ পৰা তথ্য সমূহ সংগ্ৰহ কৰি শৃংখলাবদ্ধ কৰাৰ কাম সম্পূৰ্ণ কৰাৰ পিছতহে ফলাফল ঘোষণাৰ বাবে প্ৰস্তুত হ’ব শিক্ষা সংসদ। তেনেস্থলত জুনৰ শেষৰ ফালেহে ফলাফল ঘোষণা কৰাৰ ইংগিত দিছে শিক্ষা সংসদে। তেনেস্থলত শিক্ষাবৰ্ষ পিছুৱাই যোৱাৰ সম্ভাৱনাই জাগি উঠিছে।

ইপিনে দেশতো আগন্তুক শিক্ষাবৰ্ষ পিছুৱাৰ সম্ভাৱনা জাগি উঠিছে। ইতিমধ্যে হাৰিয়ানা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ এখন কমিটী গঠন কৰি দিয়া হৈছে। কোৰোনা ভাইৰাছৰ প্ৰভাৱৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ থকা হেতু আগন্তুক শিক্ষাবৰ্ষ কেতিয়াৰ পাৰ আৰম্ভ কৰিব পৰা যাব তাক লৈ এই কমিটীখনে প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিছে। তদুপৰি অনলাইন যোগে শিক্ষাদান সন্দৰ্ভতো কমিটীখনে প্ৰতিবেদন দাখিল কৰিছে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ৰাজ্য চৰকাৰসমূহে সেই অনুসাৰে তাক কাৰ্যত পৰিণত কৰিছে। তেনেস্থলতে আগন্তুক শিক্ষাবৰ্ষ বিলম্বকৈ আৰম্ভ হোৱাৰ সম্ভাৱনীয়তা জাগি উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *