Friday , September 25 2020
শেহতীয়া খবৰ

হাইলাকান্দিৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত দাবী কৃষক মুক্তিৰ

  • ৪৩ ভেন্সাৰ স্কুলত ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই ২০ কোটিৰ হৰলুকী
  • ২০১৪ত বন্ধ হোৱা মুৰ্ছিদুল আলম একাডেমীৰ নামত টকা উঠালে ২০১৯ত

ইব্ৰাহিম আলী চৌধুৰী, আলগাপুৰঃ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে যোগান ধৰা টকা আত্মসাৎ কৰাৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে। হাইলাকান্দি জিলাৰ দৰিদ্ৰ, মেধাবী ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি ভুৱা ছাত্ৰ-ছাত্ৰী, ভুৱা বেচৰকাৰী বিদ্যালয় তথা ভুৱা বেংক একাউণ্ট খুলি এই প্ৰকল্পৰ কোটি কোটি টকা আত্মসাৎ কৰিছে জিলাৰ শিক্ষাবিভাগৰ কাৰ্যালয়ৰ সৈতে সম্পৰ্ক থকা বৃহৎ এটা চিণ্ডিকেট চক্ৰই। হাইলাকান্দি জিলাৰ বহু চৰ্চিত স্কলাৰশ্বিপ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত এইবাৰ সৰৱ হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।

বৃহস্পতিবাৰে হাইলাকান্দিত দুয়োটা সংগঠনে আহবান জনোৱা এক যৌথ সংবাদমেলত কৃষক মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰ, ছাত্ৰমুক্তিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ফৰিদ উদ্দিন লস্কৰ, জিলা সভাপতি মাঞ্জাৰ আহমেদ বৰভূঞাই হাইলাকান্দিত সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদানত ব্যাপক দুৰ্নীতিৰ চিত্ৰ তুলি ধৰে। তেওঁলোকে এই কেলেংকাৰী সন্দৰ্ভত স্কুল পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝাৰ বিৰুদ্ধে আঙুলি টোৱাই। তেওঁলোকে অভিযোগ কৰে যে স্কুল পৰিদৰ্শক ৰাজীৱ ঝাই নোডেল অফিচাৰৰ দায়িত্বত থাকি ধনৰ বিনিময়ত চিণ্ডিকেট চক্ৰৰ সৈতে হাত মিলাই এই ভুৱা ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰিছে। ত

দুপৰি ৰাজেশ নামৰ শিক্ষাবিভাগৰ এজন কৰ্মী, ১৬টা ক্লাষ্টাৰৰ চিআৰচিচি তথা একাংশ নামধাৰীস্কুল প্ৰধান, কিছু ৰাজনৈতিক ব্যক্তি এই কোটিটকীয়া কেলেংকাৰীৰ চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত। জিলাখনত ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ যি তালিকা আছে তাত অনেক জবকাৰ্ড ধাৰীৰ নাম আছে বুলি এক গুৰুতৰ তথ্য দাঙি ধৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি নেতাসকলে। এই তালিকাত থকা অধিকাংশ স্কুল আৰু ছাত্ৰ-ছাত্ৰীৰ বাস্তৱত কোনো অস্তিত্ব নাই। ছাত্ৰ-ছাত্ৰীসকলৰ নামত ৩০/৪০ বছৰৰ মানুহকো অন্তৰ্ভুক্ত কৰা হৈছে এই তালিকাত। কৃষক মুক্তিৰ নেতা জাহিৰ উদ্দিন লস্কৰে লগতে এইবুলিয়ো অভিযোগ কৰে যে ১৮/১৯ বছৰৰ স্কলাৰশ্বিপ প্ৰাপ্ত তালিকাত যি ১০/১২ হাজাৰ কৰি প্ৰাপ্য ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতাৰ্থত লাভ কৰে তেওঁলোক ছাত্ৰ-ছাত্ৰী নহয়।

প্ৰকৃত ছাত্ৰ-ছাত্ৰীসকলে ৫ হাজাৰ টকাৰ ওপৰত স্কলাৰশ্বিপৰ টকা লাভ নকৰে। আলগাপুৰৰ মুৰ্চিদুল আলম মেমোৰিয়েল একাডেমি, কোনাগ্ৰাম এম ই এম, পল্লি মংগল বড়বন্দ স্কুল, আৰজান আলী মেমোৰিয়েল স্কুল, আব্দুল হাচিম মেমোৰিয়েল স্কুল, ছুনাহৰ আলী মেমোৰিয়েল স্কুল, আব্দুল লতিফ মজুমদাৰ স্কুল আদি এনেকৈ প্ৰায় ৪৩খন ভেন্সাৰ আৰু বেচৰকাৰী স্কুলৰ নামত ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই টকা আত্মসাৎ কৰা হৈছে বুলি অভিযোগ উঠিছে।

কৃষক নেতা জহিৰউদ্দিন আৰু ছাত্ৰনেতা ফৰিদ উদ্দিনে কৈছে যে ২০১৪ চনত বন্ধ হৈ যোৱা আলগাপুৰৰ মুৰ্চিদুল আলম চৌধুৰী একাডেমিৰ নামত ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ ছাত্ৰবৃত্তিৰ তালিকাত নাম কেনেকৈ থাকিব পাৰে। এই প্ৰশ্ন উত্থাপন কৰি কৃষকমুক্তি আৰু ছাত্ৰমুক্তি নেতাদ্বয়ে এক বৃহৎ দুৰ্নীতিৰ তথ্য ফাদিল কৰে। ছাত্ৰ বৃত্তি প্ৰদানত বৃহৎ দুৰ্নীতিক লৈ জিলা শাসক মেঘা নিধি দাহাল আৰু ডিচিৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে। অহা এসপ্তাহৰ ভিতৰত এই কেলেংকাৰীৰ খলনায়ক ৰাজীৱ কুমাৰ ঝা সহ তেওঁৰ দালাল চক্ৰক তদন্তৰ আওতালৈ নানিলে সমগ্ৰ জিলাজুৰি ব্যাপক আন্দোলনৰ সকিয়নি দিছে সংগঠন দুটাই। উক্ত সংবাদমেলত অন্যান্য সকলৰ মাজত উপস্থিত থাকে সংস্থাৰ কাটলিচৰা ব্লক সভাপতি খাইৰুল ইছলাম বৰভূঞা, কে এন এছ এছৰ ব্লক কমিটীৰ নাছিৰ উদ্দিন চৌধুৰী আদি।

Leave a Reply

Your email address will not be published. Required fields are marked *