Home স্থানীয় হাউলী পৌৰ সভাৰ প্ৰাক্তন উপ সভাপতি বিমল কৰ্মকাৰৰ মৃত্যুত বিভিন্ন জনৰ শোক

হাউলী পৌৰ সভাৰ প্ৰাক্তন উপ সভাপতি বিমল কৰ্মকাৰৰ মৃত্যুত বিভিন্ন জনৰ শোক

83
0

গণবাৰ্তা, হাউলী, ৭ মেঃ বৰপেটা জিলাৰ হাউলী নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী,বিশিষ্ট নাগৰিক তথা হাউলী পৌৰ সভাৰ প্ৰাক্তন উপ সভাপতি বিমল কৰ্মকাৰে কৰোণাত আক্ৰান্ত হৈ কেইবাদিন ধৰি বৰপেটা ফকৰ উদ্দি আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পাতালত চিকিৎসাধীন হৈ থকা অৱস্থাত বৃহস্পতিবাৰে দিনৰ ১১-৩৭ বজাত পৰলোকপ্ৰাপ্তি ঘটে | তেখেতৰ মৃত্যুত বৰপেটাৰ সাংসদ আব্দুল খালেক,বৰপেটা সদৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আব্দুৰ ৰহিম আহমেদ, সদৌ অসম বঙালী যুৱ ছাত্র ফেডাৰেচনৰ বৰপেটা জিলা সমিতিৰ সভাপতি নীলকান্ত কৰ্মকাৰ,অসম সংখ্যাসঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন,আমছুৰ সহ সম্পাদক আব্দুল জুব্বাৰ আলী,সাংবাদিক দিদাৰ হুছেইন,বৰপেটা ব্লক কিষাণ কংগ্ৰেছৰ সভাপতি ছফিউৰ ৰহমান আদিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here