Monday , September 21 2020
শেহতীয়া খবৰ

হাজোৰ ৰামদিয়াত পঞ্চায়ত সচিবসহ দুজন কোৰোনাত  আক্ৰান্ত

গণবাৰ্তা হাজো,১ জুলাইঃ হাজো সমষ্টিৰ অন্তৰ্গত ৰামদিয়া নিবাসী তথা শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত১০৪ নং পশ্চিম শুৱালকুছি গাওঁ পঞ্চায়তৰ সচিব ধৰ্মানন্দ পাৰৈ(৫৩) আৰু ৰামদিয়া বঙালতোলাৰ ৰঘুনাথ দাসৰ দেহত কোৰোণা পজিটিভ ধৰা পৰাত ৰামদিয়া অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷জানিব পৰা মতে শুৱালকুছি প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডা°দীপক দাসৰ নিৰ্দেশ মৰ্মে যোৱা ২৬ জুনত পঞ্চায়ত খনৰ সচিব ধৰ্মানন্দ পাৰৈৰ ছোৱাব সংগ্ৰহ কৰিছিল। ৬ দিন পিছত অহা   ফলাফলত  পঞ্চায়ত খনৰ সচিব পাৰৈৰ দেহত পজিটিভ আহে ৷ স্বাস্থ্য বিভাগৰ নিয়ম মতে ছোৱাৱ সংগ্ৰহৰ পিছত ফলাফল নহালৈকে এওলোক  হোম কোৱাৰেন্টাইন হব লাগিছিল যদিও  পঞ্চায়তখনৰ  সচিব গৰাকীয়ে  প্ৰতিদিনে পঞ্চায়তখনত উপস্থিত হৈ নিয়মীয়া কাম-কাজ কৰাৰ উপৰিও পঞ্চায়তখনলৈ বিভিন্ন কামত অহা বহু সংখ্যক মানুহৰ লগত সম্পৰ্ক কৰে ৷ ইয়াক লৈ শুৱালকুছিৰ লগতে  ৰামদিয়া অঞ্চলৰ ৰাইজ সংকিত হৈ পৰিছে ৷খৱৰ পোৱাৰ পাছতে হাজোৰ  মহকুমা স্বাস্থ্য বিষয়া ডাঃগৌৰাংগ দাস সহ এটা স্বাস্থ্য বিভাগৰ দল ৰামদিয়াত উপস্থিত হৈ ধৰমানন্দ পাৰেক শিঙিমাৰী ক’ভিড হস্পিতালত ভৰ্তি কৰাৰ লগতে তেওৰ সম্পৰ্কলৈ অহা পৰিয়াল তথা লোক সকলক চৈধ্য দিনৰ হোম কোৱাৰেণ্টাইন কৰে৷ইফালে ৰামদিয়া বঙালতোলাৰ যুৱক তথা গুৱাহাটীত হোম গাৰ্ড হিচাপে কৰ্মৰত ৰঘুনাথ দাসৰ দেহতো কোৰোণা পজিটিভ ধৰা পৰে।তেওঁ যোৱা ২৬ জুনত হাজোত ছোৱাবৰ নমুনা দিয়াৰ পাছত আজিৰ ফলাফলত পজিটিভ ধৰা পৰে ।তেওঁকো স্বাস্থ্য বিভাগে শিঙিমাৰী ক’ভিড হস্পিতালত ভৰ্তি কৰাৰ লগতে পৰিয়াল আৰু তেওঁৰ সংস্পৰ্শ লৈ অহা সকলক হোম কোৱাৰেণ্টাইন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *