Sunday , September 20 2020
শেহতীয়া খবৰ

হাতীগাঁৱৰ সমাজকৰ্মী খগেন কলিতাৰ মৃত্যু, অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক প্ৰকাশ

গণ বাৰ্তা, গুৱাহাটী, ১৮ জুলাইঃ  গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সমাজকৰ্মী তথা জ্যেষ্ঠ নাগৰিক খগেন কলিতাৰ মৃত্যুত শোকৰ ছাঁ পৰে৷ ৭৯ বছৰ বয়সত হাতীগাঁৱৰ নিজ ঘৰত শুকুৰবাৰে পুৱা ৬ বজাত মৃত্যুক আকোৱালি লয় সমাজকৰ্মীগৰাকীয়ে৷ হাতীগাঁও অঞ্চলৰ উত্থান-পতনৰ সাক্ষী কলিতাই মৃত্যুৰ আগমুহূৰ্তলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল৷ সমাজকৰ্মীগৰাকীৰ মৃত্যুত কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে৷ হাতীগাঁও ৰঙালী বিহু উদযাপন সমিতি, হাতীগাঁও নৱাৰুণ শাখা সাহিত্য সভা, হাতীগাঁও নাগৰিক সমিতি, হাতীগাঁও নামঘৰ সমিতি, দুৰ্গাপূজা সমিতিয়ে খগেন কলিতাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আত্মাৰ সদ্গতি কামনা কৰি মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ হাতীগাঁও-সিজুবাৰী আঞ্চলিক ছাত্ৰ সন্থাও জ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *