Monday , September 21 2020
শেহতীয়া খবৰ

হিন্দুৰ একাধিক ধমীয় উপাসনা গৃহৰ নিৰ্মানেৰে বিৰল মহানুভৱতা প্ৰদৰ্শন, তিতাবৰৰ মুছলমান দম্পতীৰ

গণবাৰ্তা তিতাবৰ ৭ ছেপ্তেম্বৰ : সম্প্ৰতি ইতিবাচক চৰ্চালৈ আহিছে তিতাবৰৰ এটি ইছলাম ধৰ্মৰ সম্প্ৰদায়ৰ দম্পতী । তিতাবৰ বৰএৰা ৭ নং ৱাৰ্ডৰ নিৱাসী প্ৰয়াত চেহিদুৰ ৰহমানৰ পুত্ৰ তথা যোৰহাট জিলাৰ চিনামৰা প্ৰতিষ্ঠিত এডভাঞ্চ ষ্টীল ৱৰ্ল্ডৰ স্বত্বাধিকাৰী হেমিদুৰ ৰহমান আৰু তেওঁৰ পত্নী পাৰ্চিয়া চুলতানা ৰহমানে হিন্দু সমাজৰ একাধিক স্থানৰ ধৰ্মীয় উপাসনা গৃহৰ মেৰামতি তথা উন্নয়ন সাধন কৰি চচালৈ আহিছে । তিতাবৰ ৰে’লৱে ষ্টেশ্যনৰ দাঁতিকাষৰীয়া সন্দিকৈ গাঁৱৰ এটি নিৰ্মীয়মান নামঘৰৰ বাবে অঞ্চলটোৰ ৰাইজৰ দান- বৰঙনিৰ সৈতে আৰ্থিক সহযোগিতা আগবঢ়াই এই দম্পতীয়ে । ফলত উক্ত নামঘৰ অনুষ্ঠানটো যোৱা ২ ছেপ্তেম্বৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতি -নীতিৰে শুভ উদ্বোধন হৈ যায় । শুভ উদ্বোধনী অনুষ্ঠানত দাতা সদস্য হিচাপে ৰহমান দম্পতীকো ৰাইজে আমন্ত্ৰণ জনাই আনি সম্বৰ্ধনা জনায় । জানিব পৰা মতে, উক্ত অনুদানৰ পৰিমাণ প্ৰায় ৪ লাখ টকা । উল্লেখ্যযোগ্য যে তিতাবৰৰ মুছলমান সম্প্ৰদায়ৰ এই দম্পতীয়ে ইতিমধ্যে তিতাবৰ দেওবৰীয়া সাপ্তাহিক বজাৰৰ সমীপত স্থাপিত শিৱ মন্দিৰ , তিতাবৰ সন্দিকৈ গাঁৱৰ বেংগলী সমাজৰ ৰাধাকৃষ্ণ নামঘৰ , ৰাজহুৱা প্ৰস্ৰাৱগাৰ স্থাপন , বোকাহোলা মছজিদৰ উন্নয়নৰ বাবে যথেষ্ট পৰিমাণে আৰ্থিক অনুদান প্ৰদান কৰাৰ উপৰি যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰনামঘৰত এটি অনাময় গৃহ, কৰঙা বৰনামঘৰত এটি অনাময় গৃহ , মহিমাবাৰী বৰনামঘৰৰ বাবে এখন আদৰণী তোৰণ নিৰ্মাণত আৰ্থিক সহযোগিতা প্ৰদান কৰি বদান্যতা প্ৰদৰ্শন কৰিছে । একে সময়তে যুৱ সমাজকৰ্মী দম্পতী হেমিদুৰ ৰহমান আৰু পাৰ্চিয়া চুলতানা ৰহমানে তিতাবৰৰ একাধিক ধৰ্মীয় উপাসনাস্থলীলৈ অহা যোৱা কৰা জৰাজীৰ্ণ পথৰো নিজাববীয়াকৈ উন্নয়ন সাধন কৰি অন্য মহানুভৱতা প্ৰদৰ্শন কৰি ইতিবাচক চৰ্চালৈ আহিছে ।প্ৰকৃতাৰ্থত মুছলমান পৰিয়ালৰ সন্তান হৈ নিজ ধৰ্মৰ উপাসনাস্থলীৰ উন্নয়ন আৰু নিৰ্মাণৰ সমান্তৰালকৈ হিন্দু ধৰ্মৰ একাধিক ধৰ্মীয় উপাসনা গৃহ তথা স্থলীৰ নিস্বাৰ্থ উন্নয়ন সাধনৰ দৰে মহান কৰ্মই হয়তো আকৌ সোঁৱৰাই দিছে যে এইখন ৰাম আৰু ৰহিমৰ দেশ ।এইখন দেশ শংকৰ -আজানৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *