
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মে’ : ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি ৰাজ্যত গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদে প্ৰথমটো নিৰ্বাচনতেই শোচনীয়ভাৱে পৰাজয় বৰণ কৰে। এই নতুন আঞ্চলিক দলটোৰ বাবেই কংগ্ৰেছে বহুকেইটা সমষ্টিত পৰাস্ত হ’বলগীয়া হ’ল বুলি একাংশই অভিযোগ কৰিছে। উক্ত অভিযোগ সন্দৰ্ভত আজি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। দলটোৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে কংগ্ৰেছে নিজৰ ভুলৰ বাবেই নিৰ্বাচনত পৰাস্ত হ’বলগীয়া হ’ল। তেওঁ লগতে আৰু কয় যে হিন্দু সাম্প্ৰদায়িকতাবাদক মুছলমান সাম্প্ৰদায়িকতাবাদৰ পিঠিত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে। নিজৰ পৰাজয়ৰ দুৰ্বলতা কাৰোবাৰ গালৈ ঠেলি দি এই দোষৰ পৰা হাত সাৰিব নোৱাৰে। আমি সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ পৰা দূৰত থাকিম। এজেপিৰ বাবে নিৰ্বাচনত পৰাস্ত হোৱা বুলি কংগ্ৰেছে কৰা দাবীৰ প্ৰত্যুত্তৰত লুৰীণজ্যোতি গগৈয়ে এইদৰে কয়।
ইপিনে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি এটাক প্ৰতিহত কৰিবৰ কাৰণে আন এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বোকোচাত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে বুলি পূৰ্বৰে পৰা অসম জাতীয় পৰিষদে কৈ আহিছিল বুলি তেওঁ উল্লেখ কৰে। আনহাতে সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয় দলৰ পৰা অসম জাতীয় পৰিষদে সমদূৰত্ব অক্ষুণ্ণ ৰাখিব বুলি উল্লেখ কৰি লুৰীণজ্যোতিয়ে পুনৰ কয়- বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছে এটা সাম্প্ৰদায়িক শক্তিৰ বোকোচাত উঠি যি ৰাজনীতি কৰিলে তাৰ বাবেই বিজেপি শাসনৰ গাদীলৈ অহাৰ বাট প্ৰশস্ত কৰিলে।
এজেপিৰ স্থিতি আজিও স্পষ্ট বুলি দাবী কৰি লুৰীণে কয় যে আমি একেলগে হিন্দু সাম্প্ৰদায়িকতাবাদ আৰু মুছলমান সাম্প্ৰদায়িকতাবাদ দুয়োটাৰে বিৰোধিতা কৰো। দুয়োটাৰে অৱসান ঘটাই অসমত সমন্বয়বাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বদ্ধপৰিকৰ। ‘আমি যুঁজিম আৰু আমি জিকিম’ —এই মানসিকতাৰে অসম জাতীয় পৰিষদ আগন্তুক দিনত আগবাঢ়ি যাব বুলি লুৰীণে কয়। ইয়াৰোপৰি অসমত ভাল সমাজ আৰু সুস্থ গণতন্ত্ৰৰ বাবে সাম্প্ৰদায়িকতাৰ ঊধৰ্বলৈ গৈ স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব বুলি লুৰীণে কয়।
ইপিনে প্ৰায় ৭ লক্ষাধিক ভোটাৰে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ পক্ষত মতদান কৰা বুলি জানিবলৈ দি লুৰীণে সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনায়। তেওঁ আৰু কয় যে অসমত সুস্থ সমাজ আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ হ’লে জাতীয়তাবাদৰ বিকল্প নাই। অসম জাতীয় পৰিষদৰ ধাৰা আগন্তুক দিনত অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব।