Friday , September 25 2020
শেহতীয়া খবৰ

হোজাই জিলাত ২৬৪০ জন গৃহ কোৱাৰেইণ্টান

ডবকা, হোজাই, লংকা আৰু লামডিংত স্থাপন কোৱাৰেনটিন,আইচলেচন

দৈনিক গণঅধিকাৰ, মোৰাঝাৰঃ বিশ্বত মানৱ জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত হোজাই জিলা প্ৰশাসনে বিভিন্ন প্ৰতিৰোধৰ ক্ষেত্ৰত হোজাই জিলা প্ৰশাসনে বিভিন্ন প্ৰতিৰোমূলক  ব্যৱস্থা গ্ৰহন কৰিছে ৷লামডিং ৰেলৱে চিকিৎসালয়ত ৪০ খন বিছনা,লংকা মিউনিচিপাল বিজনেচ কমপ্লেকচত ৫০ খন,ডবকাৰ পাৱাৰ গ্ৰীড প্ৰশিক্ষণ নিবাস ভেলৌগুৰিত ২০ খন  বিচনা স্থাপন আৰু অন্যান্য সুবিধা উপলব্ধ কৰাৰ জৰিয়তে  কোৱাৰেনটিন কেন্দ্ৰ স্থাপন কৰা হৈছে৷

হোজাই ইন’ডৰ ষ্টেডিয়ামো ৫০ খন বিচনা স্থাপনৰ যো যা চলিছে,যোগীজান আদৰ্শ চিকিৎসালয়ত ৫০ খন বিছনাযুক্ত এক আইচলেন কেন্দ্ৰ স্থাপন হৈছে আৰু চিকিৎসালয়খন কভিড ১৯ চিকিৎসাৰ বাবে সংস্থাপন কৰা হৈছে৷বৰ্তমান লামডিং ৰেলোৱে চিকিৎসালয়ত ২২ জনক ক’ৰোনা সংক্ৰমণৰ সন্দেহত ৰখা হৈছে ৷

বৰ্তমান হোজাই জিলাত ১৫১ টা  তত্বাৱধান দল সক্ৰিয় ভাৱে কাম কৰি আছে আৰু আজিলৈকে  ২৬৬২ জন ব্যাক্তিক সন্দেহজনক ক’ৰোনা ভাইৰাছৰ সংস্পৰ্শত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছে৷ ২৬৪০ গৰাকী ব্যাক্তিক ইতিমধ্যে গৃহ কোৱাৰেনটিন ৰখা হৈছে৷হোজাই জিলাৰ ৪ খন পৌৰসভাৰপৌৰস জড়িয়তে দুখীয়া ৰাইজৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ সাহায্য বিতৰন কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *