শেহতীয়া খবৰ

১৪ দিনৰ বাবে পুনৰ গুৱাহাটীত সম্পূৰ্ণ লকডাউনঃ ১২ জুলাইলৈ বন্ধ শাক-পাচলি, মাছ-মাংস, গেলামালৰ দোকান

শনিবাৰ-দেওবাৰে বন্ধ থাকিব ৰাজ্যৰ চহৰ-পৌৰনিগম এলেকা,

 চিকিৎসালয়, ফাৰ্মাচীৰ বাহিৰে মহানগৰীত সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ জুন ঃ মাৰাত্মক কোৰোনা ভাইৰাছে মহানগৰীত সংহাৰী ৰূপ ধাৰণ কৰিছে। ৰাজধানী মহানগৰীত কোৰোনা ভাইৰাছৰ গণ সংক্ৰমণ ঘটিছে। প্ৰতিমূহূৰ্তত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। মহানগৰীত বিয়পি পৰা সামাজিক সংক্ৰমণ যাতে আন জিলালৈ সম্প্ৰসাৰিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ গুৱাহাটী মহানগৰীতে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। দেওবাৰে নিশা ১২ বজাৰ পৰা ১২ জুলাইলৈকে সমগ্ৰ গুৱাহাটী মহানগৰীত লকডাউন ঘোষণা কৰা হৈছে। এই লকডাউনত পূৰ্বৰ তুলনাত আৰু অধিক কঠোৰ হ’ব চৰকাৰ। মহানগৰীৰ চিকিৎসালয়, ফাৰ্মাচীৰ বাহিৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান লকডাউনৰ সময়ছোৱাত বন্ধ থাকিব। অৰ্থাৎ শাক-পাচলি, গেলামাল, মাছ-মাংসৰ সকলো দোকান এইবেলি বন্ধ থাকিব। আজি এন এইচ এমৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে ২৮ জুন দেওবাৰে নিশা ১২ বজাৰ পৰা গুৱাহাটী সম্পূৰ্ণৰূপে লকডাউনত থাকিব। কেৱল গুৱাহাটী মহানগৰীয়েই নহয়, এই ১৪ দিন কামৰূপ মহানগৰ জিলাত থাকিব সম্পূৰ্ণ লকডাউন। ১২ জুলাইলৈ অব্যাহত থাকিব এই লকডাউন। এই লকডাউনৰ সময়ছোৱাত প্ৰথম সপ্তাহটোত অধিক কঠোৰ প্ৰশাসন। কোনোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, শাক-পাচলি, গেলামাল, মাছ-মাংস, উদ্যোগ, ৰাজহুৱা প্ৰতিষ্ঠান, মন্দিৰ-মছজিদ-গিৰ্জা খুলিব নোৱাৰিব। মৃতদেহ সৎকাৰৰ সময়ত ২০জনতকৈ অধিক লোক থাকিব নোৱাৰিব। লকডাউনৰ সময়ছোৱাত কোনো ৰাজহুৱা অথবা ব্যক্তিগত বাহন চলাচল কৰিব নোৱাৰিব। আৰক্ষী প্ৰশাসন, বিদ্যুৎ, পানী, স্বাস্থ্য আৰু বেংকৰ বাহনহে চলিব। একেদৰে যিসমূহ হোটেলত কোৱাৰেণ্টাইন আছে সেই হোটেলসমূহ খোলা থাকিব। লকডাউনৰ প্ৰথম সপ্তাহত আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিব। যাতে কোনেও নীতি-নিয়ম উলংঘা নকৰে। একেদৰে বিয়লি ৭ বজাৰ পৰা পুৱা ৭ বজালৈ  সান্ধ্য আইন থাকিব। একেদৰে নগৰ কমিটী আৰু পৌৰ সভা এলেকাসমূহতো সপ্তাহত দুদিন লকডাউন ঘোষণা কৰিছে। শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণৰূপে লকডাউন থাকিব। বিয়লি ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে সান্ধ্য আইন সমগ্ৰ ৰাজ্যতে বলৱৎ থাকিব। লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ প্ৰতিখন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশনা জাৰি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ আন অঞ্চলত যাতে সামাজিক সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনিচ্ছা সত্ত্বেও এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোৰোনা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৬,৬৪৬। ইয়াৰে আৰোগ্য হৈছে ৪,০৩৩ আৰু মৃত্যু হৈছে ১০। আৰোগ্যৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত পঞ্চম স্থানত আছে অসম। মৃত্যুৰ ক্ষেত্ৰত অসম সৰ্বনিম্ন। ইপিনে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা ১৫ জুনৰ পৰা মহানগৰীত ৫০ হাজাৰ নমুনা সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইতিমধ্যে বিগত দহ দিনত ১০,৬১৭ নমুনা সংগ্ৰহ কৰা হৈছে। ৭৬২ নমুনা পজিটিভ আহিছে। এই আক্ৰান্তসকলৰ ভিতৰত ৬৭৭ অকল মহানগৰীৰে। কালি কোৰোনাত আক্ৰান্ত হৈছিল ২৭৬। ইয়াৰে ১৩০ কেৱল গুৱাহাটীতে পোৱা গৈছিল। গুৱাহাটীত ৰোগীৰ বাবে আছে ৮৯০ বিছনা। দৈনিক যদি ২০০কৈ আক্ৰান্ত হয় তেন্তে ৪ দিনত বিছনা শেষ হ’ব। সেয়ে অনিচ্ছা সত্ত্বেও লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মহানগৰবাসী সামাজিক দায়িত্ব পালনত ব্যৰ্থ হৈছে। গুৱাহাটীত যিটো পৰিৱেশ আন কোনো চহৰতে নাই। জি এছ ৰোডত মাস্ক নিপিন্ধাকৈ মুকলিভাৱে ফুৰিছে। সেয়ে অহা দেওবাৰৰ পৰা ১৪ দিনৰ বাবে গুৱাহাটী মহানগৰীত সম্পূৰ্ণৰূপে তলাবন্ধ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *