Thursday , August 13 2020
শেহতীয়া খবৰ

১৬০০ নিবনুৱাৰ জীৱনক লৈ হেতালি চৰকাৰৰঃ দহ মাহে নিযুক্তি নহ’ল দুশ এফটিৰ বাছনিকৃত প্ৰাৰ্থীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ জুলাই ঃ জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে ক্ষমতা দখল কৰা বিজেপি মিত্ৰজোঁট চৰকাৰখনে ১,৬০০ নিবনুৱাৰ জীৱনক লৈ হেতালি খেলিছে। দহ মাহে নিযুক্তি লাভ নকৰিলে নৱগঠিত দুশ এফ টিৰ ১,৬০০ বাছনিকৃত প্ৰাৰ্থীয়ে। নিযুক্তিৰ বাবে বাৰম্বাৰ মুখ্যমন্ত্ৰী সোণোৱালক অৱগত কৰাই আহিছে যদিও চৰকাৰখনে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ১,৬০০ নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যতক লৈ অনিশ্চয়তাই দেখা দিছে। আনকি বাছনিকৃত এইসকল প্ৰাৰ্থীৰ ম্যাদ অহা ১৯ ছেপ্টেম্বৰত উকলি যাব। ইয়াক লৈ এতিয়া দিক্বিদিক হেৰুৱাই পেলাইছে বাছনিকৃত প্ৰাৰ্থীসকলে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত নৱগঠিত দুশ এফ টিৰ বাছনিকৃত একাংশ প্ৰাৰ্থীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি কয় যে তেওঁলোকৰ জীৱনক লৈ সোণোৱাল চৰকাৰে হেতালি খেলিছে। তেওঁলোকে জানিবলৈ দি কয় যে ২০১৯ বৰ্ষৰ জুন মাহত দুশ বিদেশী ন্যায়াধিকৰণৰ দুহেজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল। উক্ত বিজ্ঞাপনৰ ভিত্তিত জুলাই মাহত লিখিত পৰীক্ষা আৰু আগষ্ট মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত হয়। ১৯ ছেপ্টেম্বৰত দুুশ এফ টিৰ বিভিন্ন পদত নিয়োজিত হ’বলগীয়া ১,৬০০ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। তালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰাৰ্থীসকলে বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল।

বাছনি তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছতে সেইসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি লয়। আজি দহ মাহে এইসকল নিবনুৱা যুৱক-যুৱতীয়ে নিযুক্তি লাভ নকৰিলে। মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্য সচিবক বাৰম্বাৰ পত্ৰযোগে অনুৰোধ জনাই আহিছে যদিও আজিকোপতি ব্যৱস্থা গ্ৰহণ নকৰিলে। অতি পৰিতাপৰ বিষয় যে চলিত বৰ্ষৰ ১১ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক শুনানিত ৰাজ্য চৰকাৰে শপতনামাৰ জৰিয়তে অৱগত কৰিছিল যে যিসকল প্ৰাৰ্থী বাছনি হৈছে তেওঁলোকক নিষ্পত্তি নোহোৱা গোচৰৰ কামত নিয়োগ কৰিব পাৰি নেকি কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন বিচাৰিছিল। ২০ মে’ত ৰাজ্য চৰকাৰৰ উক্ত পত্ৰৰ ভিত্তিত বাছনিকৃত ১,৬০০ প্ৰাৰ্থীক নিষ্পত্তি নোহোৱা গোচৰৰ কামত নিয়োগ কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছিল। কিন্তু আজিলৈকে সেইসকলে নিযুক্তি লাভ নকৰিলে। আনহাতে ২২ মে’ত ৰাজ্য চৰকাৰে এক অধিসূচনাৰ জৰিয়তে নৱগঠিত দুশ বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলক নিষ্পত্তি নোহোৱা গোচৰৰ দায়িত্ব প্ৰদান কৰা হয়। যেতিয়ালৈকে এন আৰ চিৰ ৰিজেকচন শ্লিপ প্ৰদান কৰা নহয় তেতিয়ালৈকে বিদেশী ন্যায়াধিকৰণৰ নিষ্পত্তি নোহোৱা গোচৰসমূহৰ দায়িত্ব বহন কৰিব নৱনিযুক্ত সদস্যসকলে।

আন এক অধিসূচনাৰ জৰিয়তে ২৮ মে’ত নৱনিযুক্ত সদস্যসকলৰ কাৰ্যালয়, আচবাব, বাহন সকলো ধৰণৰ ব্যৱস্থা সম্পন্ন কৰাৰ নিৰ্দেশ দিছিল। কিন্তু বাছনিকৃত কৰ্মচাৰীসকলক আজিলৈকে নিযুক্তি প্ৰদান নকৰিলে। যোৱা ২৬ জুনত এইসকল বঞ্চিত প্ৰাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এক পত্ৰৰ জৰিয়তে অৱগত কৰিছিল। কিন্তু কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আক্ষেপ প্ৰকাশ কৰে। অহা ১৯ ছেপ্টেম্বৰত তেওঁলোকৰ চাকৰিৰ এবছৰীয়া কাৰ্যকাল শেষ হ’ব। বাছনি তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিয় তেওঁলোকক নিযুক্তি দিয়াৰ পৰা আঁতৰাই ৰখা হ’ল বুলি বঞ্চিত প্ৰাৰ্থীয়ে ক্ষোভ ব্যক্ত কৰি কয় যে শেহতীয়াকৈ কোৰোনাৰ বাবে যদি চাকৰি দিব নোৱাৰে, তেন্তে মীন বিভাগ, কৃষি বিভাগত কেনেদৰে নিযুক্তি প্ৰদান কৰা হ’ল। বাছনিকৃত প্ৰাৰ্থীসকলৰ এন আৰ চিৰ সৈতে কোনো সম্পৰ্ক নাই। নিষ্পত্তি নোহোৱা গোচৰসমূহৰ কামত এইসকল প্ৰাৰ্থীক নিযুক্ত কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ পিছতো বিষয়টোক লৈ ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে। যদি চৰকাৰে চাকৰি দিব নোৱাৰে, তেন্তে খৰখেদাকৈ কিয় বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল। শীঘ্ৰেই বাছনিকৃত প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *