শেহতীয়া খবৰ

১৬ দিনত পেট্ৰ’লৰ মূল্য ৮.৩০ টকা-ডিজেলৰ মূল্য ৯.৪৬ টকা প্ৰতিলিটাৰত বৃদ্ধি

মহানগৰ প্ৰতিবেদক, ২২ জুন ঃ লকডাউনৰ সময়ছোৱাত আৰ্থিক সংকটৰ সন্মুখীন হোৱা সাধাৰণ জনতা আনলকত আন এক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। যি সময়ত দেশত সাধাৰণ জনতাৰ হাতত লকডাউনৰ প্ৰভাৱৰ বাবে এটা টকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বৰ্তমান সময়ছোৱাতো, তেনে সময়তেই কেন্দ্ৰীয় চৰকাৰে দেশৰ সাধাৰণ জনতাক সকাহ দিয়াৰ পৰিৱৰ্তে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে আন এক সংকটলৈহে ঠেলি দিছে। দৈনিক বৃদ্ধি পাবলৈ ধৰা পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে লকডাউনত আৰ্থিকভাৱে কোঙা হৈ পৰা সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাইছে। তেল কোম্পানীয়ে সোমবাৰে একেৰাহে ১৬ দিনত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰিছে। পেট্ৰ’লৰ মূল্য সোমবাৰে পুনৰ ৩৩ পইচা বৃদ্ধি কৰাৰ বিপৰীতে ডিজেলৰ ক্ষেত্ৰত প্ৰতিলিটাৰত ৫৮ পইচা বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ পিছতেই পেট্ৰ’ল-ডিজেলৰ ক্ষুদ্ৰ মূল্য ৰেকৰ্ড স্তৰলৈ গতি কৰিছে। আজিৰ বৃদ্ধিৰ পিছতেই দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৯.৫৬ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৭৮.৫৫ টকা হৈছেগৈ। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৪.০৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৭.৯৭ টকা হৈছেগৈ। তেল বিতৰণ কোম্পানীয়ে যোৱা ১৬ দিনে পেট্ৰ’ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে। তেল কোম্পানীসমূহে দেশত একেলগে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি কৰে যদিও ৰাজ্যসমূহত পেট্ৰ’ল-ডিজেলৰ ওপৰত লগোৱা বিক্ৰী অথবা মূল্য সংযোজিত কৰ (ভেট)ৰ বাবে খুচুৰা দাম ঠাই বিশেষে ভিন্ন হয়। যোৱা ১৬ দিনে দৈনিক পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ধাৰা অব্যাহত আছে, যাৰ ফলত এই ষোল্ল দিনত পেট্ৰ’লৰ ক্ষেত্ৰত প্ৰতি লিটাৰত ৮.৩০ টকা আৰু ডিজেলৰ ক্ষেত্ৰত প্ৰতি লিটাৰত ৯.৪৬ টকা বৃদ্ধি পাইছে। উল্লেখ্য যে তেল কোম্পানীসমূহে ২০১৭ৰ মে’ মাহৰ পৰা পেট্ৰ’ল-ডিজেলৰ মূল্য দৈনিক সলনি কৰাৰ সিদ্ধান্ত লৈছিল। সেই  অনুসৰিয়ে দৈনিক দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য ভিন্ন ভিন্ন হৈ আহিছে।  ইয়াৰ পূৰ্বে দেশত ধাৰাবাহিকভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাত  সৰ্বমুঠ প্ৰতিলিটাৰত ৪-৫ টকা পৰ্যন্তহে বৃদ্ধি পাইছিল, কিন্তু এইবাৰ পেট্ৰ’লৰ ক্ষেত্ৰত ৮.৩০ টকা আৰু ডিজেলৰ ক্ষেত্ৰত ৯.৪৬ টকা প্ৰতিলিটাৰত বৃদ্ধি পাইছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ৮২ দিনীয়া লকডাউনৰ সময়ছোৱালৈ তেল কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত কোনো পৰিৱৰ্তন কৰা নাছিল। কিন্তু ৭ জুনৰ পৰা পেট্ৰ’ল-ডিজেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰমূল্যৰ লগত দৈনিক সালসলনি কৰা হৈছে। ইয়াৰ ফলত প্ৰতিলিটাৰ ডিজেলৰ মূল্য দেশত সৰ্বাধিক মূল্যৰ স্তৰলৈ গতি কৰাৰ লগতে পেট্ৰ’লৰ ক্ষেত্ৰত যোৱা দুটা বছৰৰ ভিতৰত সৰ্বাধিক স্তৰলৈ প্ৰতিলিটাৰত বৃদ্ধি পাইছে। উল্লেখ্য যে পেট্ৰ’লৰ বৰ্তমানৰ মূল্যবৃদ্ধিৰ লগত দুই-তৃতীয়াংশ বিভিন্ন কৰ অন্তৰ্ভুক্ত হৈ আছে। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যত ৩২.৯৮ টকা কেন্দ্ৰীয় উৎপাদন শুল্ক আৰু ১৭.৭১ টকা স্থানীয় কৰ অথবা ভেট অন্তৰ্ভুক্ত হৈ আছে। একেদৰে ডিজেলৰ ক্ষেত্ৰত ৬৩ শতাংশতকৈও অধিক বিভিন্ন কৰ অন্তৰ্ভুক্ত হৈ আছে। প্ৰতিলিটাৰ ডিজেলত ৩১.৮৩ টকা কেন্দ্ৰীয় উৎপাদন শুল্ক আৰু ১৭.৬০ টকা ভেট অন্তৰ্ভুক্ত হৈ আছে। চৰকাৰে যেতিয়া আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাই আছিল, তেতিয়া অৰ্থাৎ ১৪ মাৰ্চত পেট্ৰ’ল আৰু ডিজেলত উৎপাদন শুল্ক প্ৰতি লিটাৰত তিনি টকাকৈ বৃদ্ধি কৰিছিল। ইয়াৰ পিছত ৫ মে’ত পুনৰ পেট্ৰ’লত ৰেকৰ্ড স্তৰত দহ টকা আৰু ডিজেলত ১৩ টকা উৎপাদন শুল্ক বৃদ্ধি কৰে।  ইয়াৰ ফলত চৰকাৰে বছৰি দুই লাখ কোটি টকাতকৈও অধিক অতিৰিক্ত ৰাজহ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *