Sunday , September 20 2020
শেহতীয়া খবৰ

Video | ২০দিনৰ পিছত দেখা পোৱা গ’ল কিম জং উনক

পিয়াংয়ংঃ উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক কমেও ২০দিনৰ পিছত দেখা পোৱা গৈছে। এই কথা দেশখনৰ চৰকাৰী মিডিয়াই প্ৰকাশ কৰিছে।যোৱা কিছু দিন ধৰি উত্তৰ কোৰিয়াৰ শাসকগৰাকী ৰাজহুৱা স্থানত দেখিবলৈ নোপোৱাত তেওঁৰ স্বাস্থ্যলৈ বিভিন্ন ধৰণৰ কথা-বাৰ্তা ওলাইছিল। কেচিএন সংবাদ সংস্থাটোৰ প্ৰকাশ কৰা অনুসৰি কিম জং উনে দেশখনৰ এটা উদ্যোগ ফিটা কাটি মুকলি কৰিছে।তেওঁৰ লগত এই কাৰ্যত ভগ্নী কিম য় জং আৰু শীৰ্ষ বিষয়া উপস্থিত থাকে।

#Video | Setting at rest raging speculations of his death, North #Korea's reclusive leader Kim Jong-un appears in public…

Posted by Gana Adhikar on Saturday, 2 May 2020

ইয়াৰ পূৰ্বে তেওঁক ১২এপ্ৰিলৰ পৰা ৰাজহুৱা স্থানত দেখিবলৈ পোৱা নগৈছিল।যাৰ বাবে তেওঁ জটিল ৰোগত আক্রান্ত হোৱাৰ দাবী কৰা হৈছিল। শেহতীয়াকৈ আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ই প্ৰকাশ কৰিছিল যে উত্তৰ কোৰিয়াৰ শাসক গৰাকীক যোৱা কিছু দিনৰ পৰা দেখিবলৈ পোৱা নাই। ইয়াৰ পিছত তেওঁৰ স্বাস্থ্য লৈ আৰু বহুত দাবী কৰা হ’ল। একাংশ সংবাদ মাধ্যমে তেওঁৰ মৃত্যু ঘটা বুলিও সম্ভৱনা প্ৰকাশ কৰিছিল।কিন্তু দক্ষিণ কোৰিয়াই এই সকলো দাবী পূৰ্বৰে পৰা অস্বীকাৰ কৰি আহিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *