Wednesday , September 23 2020
শেহতীয়া খবৰ

২৪ ঘণ্টাত দেশত ১৯৪ জন কোৰোনাত প্ৰাণহানি, ৬৫৬৬ জন আক্ৰান্ত

নতুন দিল্লীঃ ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৬৫৬৬ জন কোভিড ১৯ত আক্ৰান্ত হৈছে। লগতে যোৱা ২৪ঘণ্টাত দেশত ১৯৪জন লোকৰ প্ৰাণহানি হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা ১,৫৮,৩৩৩ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৮৬,১১০ সক্ৰিয় কোৰোনা ৰোগী হোৱাৰ বিপৰীতে ৬৭৬৯২জন কোৰোনা সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। লগতে এই কথাও প্ৰকাশ কৰিছে যে ভাৰতত কোৰোনাত মৃত্যু ঘটা লোকৰ সংখ্যা ৪৫৩১ জনলৈ বৃদ্ধি পাইছে।

ভাৰতত অধিক হাৰত কোৰোনাত প্ৰভাৱিত হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৬,৯৪৮ জনলৈ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰৰ পিছত প্ৰভাৱিত হোৱা দ্বিতীয়খন ৰাজ্য হৈছে তামিলনাডু। তামিলনাডুত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৮৫৪৫ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে গুজৰাটত ১৫১৪৫ জন আৰু দিল্লীত ১৫২৫৭ জনলৈ কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ১৩১জন আৰক্ষী জোৱান আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰে দুজন আৰক্ষী জোৱানৰ প্ৰাণহানি হৈছে কোৰোনাত। মহাৰাষ্ট্ৰত এতিয়ালৈ ২০৯৫ জন আৰক্ষী জোৱান কোৰোনাত আক্ৰান্ত হৈছে আৰু ২২জন আৰক্ষী জোৱানৰ প্ৰাণহানি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *