শেহতীয়া খবৰ

২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৯৪৫৯ জন কোৰোনাত আক্ৰান্ত, ৩৮০ জনৰ মৃত্যু

দেশত কোভিড-১৯ৰ সুস্থৰ হাৰ ৫৮.৬৭ শতাংশ, ৩.০১ শতাংশৰ মৃত্যু

নতুন দিল্লী, ২৯ জুন ঃ  ভাৰতত দ্ৰুত হাৰত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সুস্থ হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৯,৪৫৯ জন কোৰোনা ভাইৰাছত আক্ৰান্ত হয় আৰু ৩৮০ জন লোকৰ প্ৰাণহানি হয়। যোৱা ২৪ ঘণ্টাত ভাৰতত ১২,০১০ জন লোক কোৰোনাৰ পৰা সুস্থ হৈ উঠিছে। যাৰ ফলত ভাৰতত এতিয়ালৈ কোৰোনা ভাইৰাছৰ পৰা ৩,২১,৭২৩ জন লোক সুস্থ হৈ উঠিছে। ভাৰতত সুস্থ হোৱাৰ হাৰ ৫৮.৬৭ শতাংশ হৈছেগৈ। যি হাৰত ভাৰতত কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে তাৰ লগতে প্ৰতিদিনেই হাজাৰ হাজাৰ লোক এই মহামাৰীৰ পৰা সুস্থ হৈ উঠিছে। যিটো দেশবাসীৰ বাবে এক সুখবৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত মুঠ ৫,৪৮,৩১৮ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে ২,১০,১২০ জন। আনহাতে সুস্থ হৈ উঠিছে ৩,২১,৭২৩ জন। যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিড-১৯ত ৩৮০ জন লোকৰ মৃত্যু ঘটা দেশত কোৰোনা মহামাৰীত মৃত্যু ঘটা লোকৰ সংখ্যা ১৬,৪৭৫ জনলৈ বৃদ্ধি পাইছে। অৰ্থাৎ ভাৰতত ৩.০১ শতাংশ লোকৰ কোৰোনাত মৃত্যু ঘটিছে। উল্লেখ্য যে কোৰোনা মহামাৰীত বিশ্বৰ সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে আমেৰিকাত। আমেৰিকাত এতিয়ালৈ ২,২৮,৪০০ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ব্ৰাজিলত ৫৭,১৭৪ জন, ব্ৰিটেইনত ৪৩,৫৫০ জন, ইটালীত ৩৪,৭৩৮ জন, ফ্ৰান্সত ২৯,৭৭৮ জন, স্পেইনত ২৮,৩৪৩ জন, মেক্সিকোত ২৬,১৮১ জন, ভাৰতত ১৬,৪৮৭ জন, ইৰানত ১০,৫০৮ জন, বেলজিয়ামত ৯,৭৩২ জন, পেৰুত ৯,১৩৫ জন, ৰাছিয়াত ৯,০৭৩ জন, জাৰ্মানীত ৯,০২৯ জন, কানাডাত ৮,৫২২ জন, নেদাৰলেণ্ডত ৬,১০৫ জন, চিলিত ৫,৫০৯ জন, ছুইডেনত ৫,২৮০ জন, তুৰ্কীত ৫,০৯৭ জন, চীনত ৪,৬৩৪ জনৰ মৃত্যু ঘটিছে। এই দেশকেইখনত ক’ভিড-১৯ত সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে। এতিয়ালৈ সমগ্ৰ বিশ্বত ৫,০০,৩০৬ জনৰ মৃত্যু ঘটিছে। উল্লেখ্য যে কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ চীনত পুনৰ দেখাৰ লগে লগে লকডাউন ঘোষণা কৰিবলগীয়া হৈছে। চীনৰ ৰাজধানী বেইজিঙৰ নিকটৱৰ্তী চহৰ হিবেই প্ৰান্তত নতুনকৈ বহু লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হ’বলগীয়া হোৱাত চীন চৰকাৰে চহৰখনত লকডাউন ঘোষণা কৰিছে। এই লকডাউনত চহৰখনৰ কমেও ৪ লাখ লোক প্ৰভাৱিত হ’ব। এই চহৰখনত যোৱা ২৪ ঘণ্টাত ১৪জন লোক আক্ৰান্ত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *