Friday , September 25 2020
শেহতীয়া খবৰ

২৪ ঘণ্টাত ভাৰতত সৰ্বাাধিক ২২৭৭১জন কোৰোনাত আক্ৰান্ত

কোভিড-১৯ৰ ভয়াৱহ লহৰ এতিয়াও আহিবলৈ বাকী ঃ বিশ্ব স্বাস্থ্য সংস্থা

কোৰোনাৰ উৎপত্তিৰ সন্ধান উলিয়াবলৈ চীনলৈ যাব ডব্লিউ এইচ অ’ৰ দল

নতুন দিল্লী, ৪ জুলাই ঃ ভাৰতত অস্বাভাৱিক হাৰত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত যি হাৰত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে এই ধাৰা অব্যাহত থাকিলে অহা দুটা দিনত ভাৰত বিশ্বৰ ভিতৰত ক’ভিড-১৯ত অধিক প্ৰভাৱিত তালিকাত তৃতীয় স্থানৰ ৰাছিয়াক অতিক্ৰম কৰি ভাৰতে তৃতীয় স্থান দখল কৰিব। ৰাছিয়াত ক’ভিড-১৯ত মুঠ আক্ৰান্তৰ সংখ্যা ৬,৭৪,৫১৫জন হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা হৈছে গৈ ৬,৫১,০৬৫জন। ক’ভিড-১৯ত অধিক প্ৰভাৱিত দেশৰ তালিকাত প্ৰথম স্থানত থকা আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা ২৮,৫১,২৬৭জন হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত থকা ব্ৰাজিলত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১৫,৪৫,৪৫৮জন। ভাৰতত যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ২২,৭৭১জন লোক কোৰোনাত আক্ৰান্ত হয়। ভাৰতত যোৱা ২৪ ঘণ্টাতেই সৰ্বাধিক লোক এই মহামাৰীত আক্ৰান্ত হয়, লগতে ৪৪১জন লোকৰ প্ৰাণহানি হয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যাৰ পৰা ২,৩৫,৪৩৩জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩,৯৪,২২৭জন সুস্থ হৈ উঠিছে। এতিয়ালৈ দেশত ১৮,৬৫৫জন লোকৰ মৃত্যু ঘটিছে কোৰোনাত। এনে সময়তে বিশ্ববাসীক পুনৰ সকীয়নি প্ৰদান কৰি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে কোৰোনা ভাইৰাছৰ ভয়াৱহ লহৰ এতিয়াও আহিবলৈ বাকী আছে। কালি বিশ্ব স্বাস্থ্য সংস্থাই এই কথা উল্লেখ কৰাৰ লগতে বিশ্ববাসীক সামাজিক দূৰত্ব মানি চলিবলৈও আহবান জনাইছে। যিহেতু বহুকেইখন দেশত লকডাউন শিথিল কৰি স্বাভাৱিক জীৱন-যাত্ৰা ঘূৰাই অনাৰ লগে লগে নতুনকৈ বহু লোক কোৰোনাত আক্ৰান্ত হৈছে। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বাসীক সকীয়নি দিছে যে কোৰোনাৰ ভয়াৱহ লহৰ আহিবলৈ এতিয়াও বাকী আছে। ইয়াৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ কোনো স্থানৰ পৰা কোৰোনা ভাইৰাছৰ উৎপত্তি হৈছিল সেই বিষয়ে তদন্ত কৰিবলৈ অহা সপ্তাহত তেওঁলোকৰ প্ৰতিনিধি দল এটা চীনলৈ যাব। উল্লেখ্য যে চীনৰ পৰা কোৰোনা ভাইৰাছৰ  উৎপত্তিৰ ছমাহৰ পিছতহে ডব্লিউ এইচ অ’ৰ প্ৰতিনিধি দল দেশখনলৈ যাবলৈ ওলাইছে। প্ৰতিনিধি দলটোৱে কোৰোনা ভাইৰাছৰ উৎপত্তিৰ সময়ছোৱাত কিদৰে নাগৰিকক সংক্ৰমিত কৰিছিল সেই বিষয়েও তদন্ত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *