Monday , September 21 2020
শেহতীয়া খবৰ

২৪ ঘণ্টাত ভাৰতত ২৪১১ জন কোৰোনাত আক্ৰান্ত, ৭১ জনৰ মৃত্যু

ভাৰতত মাৰাত্মক ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৭ হাজাৰ অতিক্ৰম

নতুন দিল্লীঃ লকডাউনৰ মাজতো ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। বৃহৎ হাৰত বৃদ্ধি পোৱা নাই যদিও প্ৰতিদিনে ভাৰতত ন ন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ২৪১১ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। ফলত ভাৰতত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩৭,৭৭৬ জনলৈ বৃদ্ধি পাইছে। আনহাতে যোৱা ২৪ ঘণ্টাত এই মাৰাত্মক ভাইৰাছত ৭১ জন লোকৰ প্ৰাণহানি হৈছে। ফলত দেশজুৰি কোৰোনাত প্ৰাণহানি হোৱা লোকৰ সংখ্যা ১২২৩ জনলৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত এতিয়ালৈ ১০,০১৭ জন লোক কোৰোনাৰ আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে। দেশত বৰ্তমান কোৰোনা ভাইৰাছত সক্ৰিয় অৱস্থাত আছে ২৬,৫৩৫ জন ৰোগী। দিল্লীত কোৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজধানী দিল্লীত অৰ্ধ সামৰিক বাহিনীৰ ১২২জন জোৱান কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। দুসপ্তাহৰ ভিতৰতে ১২২জন জোৱান কোৰোনাত আক্ৰান্ত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *