Home Main Stories ২৪ ঘণ্টাত ভাৰতত ৩.৮৬ লাখ কোভিডত আক্ৰান্ত, ৩৪৯৮ জনৰ মৃত্যু

২৪ ঘণ্টাত ভাৰতত ৩.৮৬ লাখ কোভিডত আক্ৰান্ত, ৩৪৯৮ জনৰ মৃত্যু

109
0

ঘৰতে ৰেম’ডেচিভিৰ ইনজেক্সন ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰালয়ৰ

নতুন দিল্লী, ৩০ এপ্ৰিল : ভাৰতত কোৰোনা আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। কোৰোনাৰ দ্বিতীয়টো লহৰে ভাৰতত দেখা দিয়াৰ পিছত প্ৰথমবাৰলৈ যোৱা ২৪ ঘণ্টাত সৰ্বাধিক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। অভিলেখসংখ্যক যোৱা ২৪ ঘণ্টাত ৩.৮৬ লাখ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৪৯৮জন লোকৰ প্ৰাণহানি হৈছে। ২১ এপ্ৰিলৰ পিছত ভাৰতত প্ৰতিদিনে ৩ লাখতকৈও অধিক লোক ক’ভিডত আক্ৰান্ত হৈ আছে। এই সময়ছোৱাত ৰেমডেছিভায়াৰ ঔষধৰ নাটনিয়ে দেখা দিছে। বহুক্ষেত্ৰত ক’ভিড ৰোগৰ এই ঔষধ ব্যৱহাৰ হ’বলৈ ধৰাত নাটনিয়ে দেখা দিছে। ইয়াৰ মাজতেই আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰেমডেছিভায়াৰ ইনজেকচন কেৱল হাস্পতাল আৰু চিকিৎসকৰ তত্ত্বাৱধানতহে গ্ৰহণ কৰিব পাৰিব। ঘৰতে ৰেমডেছিভায়াৰ ইনজেকচন ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে স্বাস্থ্য মন্ত্ৰালয়ে। ইয়াৰ উপৰি অক্সিজেন স্তৰ হ্ৰাস পোৱা অথবা উশাহ লোৱাত অসুবিধা পালে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ কৈছে স্বাস্থ্য মন্ত্ৰালয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here