Friday , September 25 2020
শেহতীয়া খবৰ

২৪ ঘণ্টাত ১১ জনৰ দেহত মাৰাত্মক কোৰোনা, ভয়াৱহ পৰিস্থিতিৰ দিশে অসম

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ  মাৰাত্মক কোৰোনা ভাইৰাছে সমগ্ৰ দেশৰ লগতে শেহতীয়াকৈ অসমতো সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতি মুহূৰ্তত আক্ৰান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে। কালি নিশাৰ ভাগত গুৱাহাটী মহানগৰীৰ চাৰিজন আৰু কাছাৰৰ চাৰিজনৰ দেহত মাৰাত্মক কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ পিছতেই সমগ্ৰ অসমতে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে পুনৰবাৰ তিনিজন লোক কোৰোনাত আক্ৰান্ত হৈছে। আজমীৰৰ পৰা বাছেৰে কাছাৰত উপস্থিত হোৱা পুনৰ তিনিজনৰ দেহত ধৰা পৰিছে মাৰাত্মক কোৰোনা। অৰ্থাৎ বিগত ২৪ ঘণ্টাত অসমত কোৰোনাত আক্ৰান্ত হৈছে ১১জন লোক। কালি নিশাৰ ভাগত গুৱাহাটীৰ দীপিকা নাথ, ডাঃ লিথিকেশ ডি এছ, বৰদা দাস আৰু দেৱৰাজ আচাৰ্য কোৰোনাত আক্ৰান্ত হৈছিল।

একেদৰে কাছাৰৰ চাহাবুদ্দিন চদিয়াল, ৰাজু উদ্দিন চদিয়াল, বেবী বেগম চদিয়াল আৰু চাদিয়া বেগম চদিয়াল কোৰোনাত আক্ৰান্ত হৈছিল। আজি পুনৰ বাৰ কাছাৰৰ তিনিজন ব্যক্তি কোৰোনাত আক্ৰান্ত হয় বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ঘোষণা কৰাৰ পিছতেই সমগ্ৰ অসমতে আতংকৰ সৃষ্টি হৈছে। আজমীৰৰে সম্পৰ্ক থকা সৰ্বমুঠ আঠজন ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছে যদিও ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে কাছাৰৰ চাৰিখনকৈ গাঁও কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে ১৮৫জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে। মন কৰিবলগীয়া যে যোৱা ৬ মে’ত আজমীৰৰ পৰা এখন বাছ ৪৫জন যাত্ৰী লৈ কাছাৰত উপস্থিত হৈছিল। বাছখন কাছাৰত উপস্থিত হোৱাৰ পিছতেই শোণিতপুৰৰ ফৰিদুল ইছলাম নামৰ লোকজনৰ দেহত মাৰাত্মক কোৰোনাৰ উপস্থিতি ধৰা পৰে।

উক্ত বাছখনত যাত্ৰা কৰি অহা লোকসকলৰ মাজতো আতংকৰ সৃষ্টি হয়। ৪৫জন যাত্ৰীৰ ভিতৰত ৩৩ যাত্ৰীৰ নমুনা নিগেটিভ আছিল। কালি নিশাৰ ভাগত একেটা পৰিয়ালৰে চাৰিজনৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে। তেওঁলোক আজমীৰলৈ গৈছিল। কোৰোনাত আক্ৰান্ত ফৰিদুলৰ সংস্পৰ্শলৈ আহিছিল। কালিলৈকে আজমীৰৰে সম্পৰ্ক থকা পাঁচজনৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে যদিও আজি সেই সংখ্যা আঠলৈ বৃদ্ধি হয়। আজি পুনৰবাৰ তিনিজনৰ দেহত কোৰোনা ধৰা পৰে। এই লৈ এতিয়া সমগ্ৰ কাছাৰতে আতংকৰ সৃষ্টি হৈছে। আজমীৰৰ পৰা বাছেৰে অহা সকলো যাত্ৰীকে ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে।

সমান্তৰালভাৱে কালি নিশাৰ ভাগত গুৱাহাটীৰ চাৰিজন ব্যক্তিৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে। উক্ত লোককেইজনৰ ভিতৰত জি এম চি এইচৰ এজন চিকিৎসক আছে। চিকিৎসকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ বিষয়টোক লৈ এতিয়া জি এম চি এইচত আতংকৰ সৃষ্টি হৈছে। যি কি নহওক অসমত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। মূলতঃ সামূহিক সংক্ৰমণৰ দিশে গতি কৰিছে অসম। এক ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে অসম। অসমবাসীয়ে সজাগ আৰু সচেতন নহ’লে বিপদ নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *