২৪ ঘণ্টাত ৰাজ্যত ২৬জনৰ মৃত্যু : ৭ মে’লৈ ৰাজ্যত অব্যাহত থাকিব নৈশ কাৰ্ফিউ

সপ্তাহত পজিটিভ কেছৰ সংখ্যা ১০ শতাংশ হ’লে নাটনি হ’ব বিছনা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ এপ্ৰিল  : ৰাজ্যত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আজি ৰাজ্যিক প্ৰশমন বিভাগৰ পৰা জাৰি কৰা এক নিৰ্দেশনা অনুসৰি অহা ৭ মে’লৈ এই নিৰ্দেশনা বাহাল থাকিব। উল্লেখ্য যে ১ মে’লৈ সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছিল ৰাজ্য চৰকাৰে। ইপিনে কালি কেন্দ্ৰীয় স্বাস্থ্য বিভাগে এক নিৰ্দেশনা যোগে ৰাজ্যসমূহক ৩১ মে’লৈ ক’ভিড-১৯ৰ নিৰ্দেশনা বলৱৎ কৰিবলৈ আদেশ জাৰি কৰিছিল। এই আদেশৰ আধাৰত অসমৰ দুৰ্যোগ প্ৰশমন বিভাগে সকলো দিশ চালি-জাৰি চাই অহা ৭ মে’লৈ এই নৈশ সান্ধ্য আইন বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যখনত দেশৰ আন ঠাইৰ তুলনাত ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰিত হৈ থকা বাবেই এসপ্তাহৰ বাবে এই নিষেধাজ্ঞা বাহাল ৰাখে। উল্লেখ্য যে নিৰ্দেশনাত উল্লেখ থকা অনুসৰি যদি সংক্ৰমণ এটা সপ্তাহত ১০ শতাংশৰ অধিক হয়, তেন্তে সমগ্ৰ দেশজুৰি হাস্পতালত বিছনা, অক্সিজেন, আই চি ইউ আদিৰ তীব্ৰ নাটনিয়ে দেখা দিব। নিশা ৮ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব যদিও সন্ধিয়া ৬ বজাতেই সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মল, ছুপাৰ মাৰ্কেট আদি বন্ধ কৰিব লাগিব।

আনহাতে ধাবা-ৰেষ্টুৰেণ্ট আদিৰ দৰে ভোজনালয়সমূহত ৬ বজালৈ বহি খাদ্য গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ পিছত ৮ বজালৈ হোম ডেলিভাৰীৰ অনুমতি থাকিব। উল্লেখ্য যে ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে নৈশ কাৰ্ফিউ জাৰি কৰিছে। দিনকদিনে ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩,০৭৯গৰাকী ৰোগীৰ শৰীৰত কোৰোনা ধৰা পৰিছে। আনহাতে ২৬জন লোকৰ প্ৰাণহানি হয়। মহানগৰীত সৰ্বাধিক ১,০২৯জন লোক, কামৰূপ গ্ৰাম্যত ২৩৪জন, ডিব্ৰুগড়ত ২৩৮জন আক্ৰান্ত হয়। বিগত ২৪ ঘণ্টাত মহানগৰীত ১৫জন লোকৰ মৃত্যু ঘটিছে। যিয়ে ৰাজ্যখনত তীব্ৰ আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *