শেহতীয়া খবৰ

২৪ ঘণ্টাৰ ভিতৰত দুজন অভিনেতাক হেৰুৱাই শোকত ভাগি পৰিছে বলিউড

কৰ্কট ৰোগেৰে যুঁজ দি অৱশেষত হাৰ মানিলে ঋষি কাপুৰ

মুম্বাইঃ বলিউড জগতত পৰিছে শোকৰ ছাঁ। ২৪ ঘণ্টাৰ ভিতৰত দুগৰাকী প্ৰখ্যাত অভিনেতাক হেৰুৱাই শোকত ভাগি পৰিছে সমগ্ৰ বলিউড জগত। ২৪ঘণ্টাৰ ভিতৰত দুজন অভিনেতাক হেৰুৱাত বহু আপুৰুগীয়া ক্ষতি হৈছে বলিউড জগতত। কেৱল বলিউড জগতে নহয় দেশৰ বহু আপুৰুগীয়া ক্ষতি হৈছে দুগৰাকী প্ৰখ্যাত অভিনেতাক হেৰুৱাই। দুগৰাকী প্ৰখ্যাত অভিনেতাক ২৪ ঘণ্টাৰ ভিতৰত হেৰুৱাই বলিউড জগতৰ লগতে দেশবাসী এতিয়া শোকত ভাগি পৰিছে। কালি মুম্বাইৰ ব্যক্তিগত খণ্ডৰ হাস্পাতালত ৫৩ বছৰ বয়সত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ অভিনেতা ইৰফান খানৰ মৃত্যু ঘটা ২৪ ঘণ্টা নৌহতেই আজি পুৱা খবৰ বিয়পি পৰিল ইহ সংসাৰৰ পৰা মেলানি মাগিলে প্ৰখ্যাত অভিনেতা ঋষি কাপুৰে।

আজি পুৱা ৮.৪৫ বজাত মুম্বাইৰ ব্যক্তিগত খণ্ডৰ হাস্পাতালত শেষ নিঃশ্বাস ত্যাগ কৰাৰ কথা পৰিয়ালবৰ্গই ৰাজহুৱা কৰাৰ পিছতেই শোকত ভাগি পৰে দেশবাসী। এগৰাকী বৰ্ষিয়ান অভিনেতা হেৰুৱাই বলিউডৰ লগতে দেশবাসী আজি উচুপি উঠিছে। তেওঁৰ অনুৰাগী সকলৰ মুখৰ মাত আৰু লিখিবলৈ শব্দ নোহোৱা হৈ পৰা পৰিস্থিতিৰ সৃষ্টি হয় আজিৰ দিনটোত। বুধবাৰে ঋষি কাপুৰৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁক মুম্বাইৰ এইছ এন ৰিলায়িন্স ফাউণ্ডেশ্যন হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁ দীৰ্ঘদিনে মাৰাত্মক কেন্সাৰ ৰোগৰ সৈতে যুঁজ দি আছিল। কালি উশাহ ল’বলৈ কষ্ট হোৱাত অৰ্থাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ব্যক্তিগত খণ্ডৰ হাস্পাতালখনত ভৰ্তি কৰোৱা হৈছিল।

আজি সেইখন হাস্পাতালতেই দেশবাসীক কন্দোৱাই, কেন্সাৰ ৰোগৰ যুঁজত হাৰ মানি শেষ নিঃশ্বাস ত্যাগ কৰে প্ৰখ্যাত অভিনেতা গৰাকীয়ে। মৃত্যু ঘটাৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ। তেওঁ আছিল প্ৰখ্যাত অভিনেতা আৰু পৰিচালক ৰাজকাপুৰৰ দ্বিতীয় পুত্ৰ। তেওঁৰ দুই ভাতৃ ক্ৰমে ৰণধীৰ কাপুৰ আৰু ৰাজীৱ কাপুৰ আছিল। আনহাতে তেওঁৰ দুই ভগ্নী আছিল ঋতু নন্দা আৰু ৰিমা জৈন। দুবছৰে ঋষি কাপুৰে কেন্সাৰ ৰোগৰ সৈতে যুঁজ দি আছিল। যিদৰে কালি মৃত্যু ঘটা প্ৰখ্যাত অভিনেতা ইৰফান খানে যুঁজ দি আছিল। দুয়োগৰাকী অভিনেতাই কেন্সাৰ ৰোগৰ সৈতে যুঁজ দি দি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল।

ঋষি কাপুৰৰ মৃত্যুৰ সময়ত ইহ সংসাৰত এৰি থৈ যায় পত্নী নীতু কাপুৰ, পুত্ৰ ৰণবীৰ কাপুৰ আৰু কন্যা ৰিদ্ধিমা। ইমৰান খানৰ দৰে ঋষি কাপুৰে ২০১৮ৰ পৰা কেন্সাৰ ৰোগৰ সৈতে যুঁজ দি আছিল। এই মাৰাত্মক ৰোগে দুয়োগৰাকী অভিনেতাৰ প্ৰাণ কাঢ়ি লয় কেৱল ২৪ ঘণ্টাতকৈয়ো কম ব্যৱধানত। বলিউডৰ প্ৰখ্যাত অভিনেতা ঋষি কাপুৰে ২০১৮ৰ কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে নিউয়ৰ্কলৈ গৈছিল। নিউৱৰ্কত কেইবামাহ ধৰি চিকিৎসাৰ অন্তত ২০১৯ত পুনৰ ভাৰতলৈ উভতি আহিছিল ঋষি কাপুৰ। ইয়াৰ পিছতো তেওঁৰ চিকিৎসা হাস্পাতালত চলি আছিল। ইয়াৰ পূৰ্বে ঋষি কাপুৰ ফেব্ৰুৱাৰী মাহত দুবাৰকৈ হাস্পাতালত চিকিৎসাধীন হৈ আছিল।

ৰাজ কাপুৰৰ দ্বিতীয় পুত্ৰ ঋষি কাপুৰে ১৯৭৩ চনত ‘ববি’ ছবিৰে চলিচিত্ৰ জগতত অভিনেতাৰ পাতনি মেলিছিল। তাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে এখনৰ পিছত আন এখন সুন্দৰ ছবিত অভিনয় কৰি যায় ঋষি কাপুৰে। তেওঁৰ অন্তিমখন ছবি আছিল ‘দ্য বডি’। ২০১৯ৰ ডিচেম্বৰত মুক্তি লাভ কৰা ছবিখনত ইমৰান হাছমিৰ সৈতে দেখা পোৱা গৈছিল ঋষি কাপুৰ। ঋষি কাপুৰৰ মৃত্যু ঘটাৰ বাতৰি দেশবাসীক অৱগত কৰে প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনে। তেওঁ টুইটাৰৰ জড়িয়তে ঋষি কাপুৰৰ মৃত্যু ঘটাৰ কথা ৰাজহুৱা কৰে। ইয়াৰ পিছতেই দেশজুৰি শোক ছাঁ পৰে।

বলিউডৰ অভিনেতা-অভিনেত্ৰীকে ধৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাহুল গান্ধীকে ধৰি অসমৰ মুখ্যমন্ত্ৰী পৰ্যন্ত সকলোৱে ঋষি কাপুৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। ঋষি কাপুৰৰ নশ্বৰ দেহ মুম্বাইৰ চন্দনবাড়ীস্থিত শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হয়। তেওঁৰ শেষ কৃত্য সম্পন্ন অনুষ্ঠানত উপস্থিত থাকে মাত্ৰ ২০ জন লোক। পৰিয়ালৰ সদস্যৰ লগতে কিছু সম্বন্ধীয় তথা অনুৰাগী শেষকৃত্য সম্পন্ন অনুষ্ঠানত উপস্থিত থাকে। শেষকৃত্য সম্পন্ন অনুষ্ঠানত পত্নী নিতু কাপুৰ, পুত্ৰ ৰণবীৰ কাপুৰৰ উপৰি পৰিয়ালৰ অন্য কেইবাগৰাকী সদস্যৰ লগতে ছঈফআলী খান, কৰিণা কাপুৰ খান, আলীয়া ভাট্ট, অভিষেষ বচ্চন উপস্থিত থাকে। লকডাউনৰ বাবে কন্যা ৰিদ্ধিমা কাপুৰ চাহনী শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *