শেহতীয়া খবৰ

২৪ ঘন্টাত নলবাৰীত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪ জনলৈ বৃদ্ধি, সৰুসজাইৰ পৰা পলাই আহি চৰাঞ্চলত লুকাই থকা দুই কোৰোনা আক্ৰান্তক আইচোলেছন

দৈনিক গণঅধিকাৰ, নলবাৰীঃ মহামাৰী ক’ৰোনা আক্ৰান্তৰ সংখ্যা নলবাৰীত বৃদ্ধি পালে চাৰি জনলৈ। এই আক্ৰান্ত সকলৰ ভিতৰৰ বৰক্ষেত্ৰীৰেই হৈছে তিনিজন। পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা নলবাৰীলৈ অহা চাৰি জামাতীৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পিছত জিলাখনত ইয়াৰ আতংক মাৰ নৌযাওতেই শেহতীয়াকৈ বহি:ৰাজ্যৰ পৰা অহা জিলাখনৰ চাৰি গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰে পুনৰ আতংকিত কৰি তোলে জিলাবাসী ৰাইজক।লক্ষনীয়ভাৱে জিলাখনৰ বৰক্ষেত্ৰীত তিনিজনলৈ ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত সমগ্ৰ বৰক্ষেত্ৰী অঞ্চলবাসী ৰাইজৰ মাজত আতংকই বিৰাজ কৰে।

বৰক্ষেত্ৰীৰ বনপুৰা গাৱঁৰ এজনৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ ২৪ ঘন্টা নৌহওতেই বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ আন দুজনৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখ্যে যে, বৰক্ষেত্ৰীৰ বনপুৰাৰ মহিদুল আলী(১৯) নামৰ যুৱকজন জিলাখনৰ ডাঙ্গোৱাপাৰা গাৱঁৰ নিতুল হক(২২)নামৰ যুৱকজনৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি মঙ্গলবাৰে ধৰা পৰাৰ পিছত জিলাখনৰ বৰক্ষেত্ৰীৰ ভাঙনামাৰী চৰৰ হামিদুল আহমেদ(২২)আৰু চাহজাহান আলী (২১)নামৰ যুৱকজন ক’ৰোনাত আক্ৰান্ত হয়। জানিব পৰা মতে,পশ্চিম বংগত শ্ৰমিক হিচাপে কৰ্মৰত ভাঙনামাৰী চৰৰ হামিদুল আৰু চাহজাহানে পশ্চিম বংগৰ পৰা নিজ ৰাজ্যলৈ আহি থকা অৱস্থাত যোৱা ১৫ মে’ৰ দিনা বঙাইগাৱঁৰ পৰা প্ৰশাসনে দুয়োকে গুৱাহাটীৰ সৰু সজাইলৈ প্ৰেৰন কৰে।

সৰু সজাইত ১৭ মে’ৰ দিনা চোৱাব সংগ্ৰহ কৰি পৰীক্ষালৈ প্ৰেৰন কৰে।এনে সময়তে পৰীক্ষাৰ ফলাফল নোলাওতেই এই দুয়োজনৰ লগতে বৰক্ষেত্ৰীৰ আন পাচজনে আৰক্ষী- নিৰাপত্তাৰক্ষীৰ কটকটীয়া বেহু ভেদি পলায়ন কৰে বৰক্ষেত্ৰীৰ নিজ নিজ গৃহলৈ।জানিব পৰা মতে, ১৭ মে’ৰ দিনা বিয়লিৰ ভাগত দুয়ো এখন টেম্প’ৰে পলায়ন কৰা সাতজনে মুকালমুৱালৈ আহে।এই পাচজনে টেম্প’ৰ পৰা নামি নিজ নিজ গৃহলৈ যোৱাৰ পিছত বাকী চৰাঞ্চলৰ দুজনে আহি মুকালমুৱা চ’কত উপস্থিত হৈ এখন চাহৰ দোকানত চাহ খাই পিছত কিছু বজাৰ-সমাৰ কৰে। তাৰ পিছত মুকালমুৱাৰ পাৰঘাটত উপস্থিত হৈ এখন নাৱেৰে যাত্ৰা কৰি চৰত উপস্থিত হোৱাৰ পিছত দুয়োকে দুখন বাইকেৰে দুজনে উঠাই ঘৰত উপস্থিত কৰায়। ইয়াৰ পিছত ভাঙনামাৰী চৰৰ গৃহত সন্ধিয়া উপস্থিত হৈ নিশাটো তাত কটোৱাৰ লগতে ১৮ মে’ৰ নিশাও ঘৰতে কটোৱাৰ লগতে কালি অৰ্থাৎ ১৯ মে’ৰ মাজ নিশাৰ ভাগলৈ উক্ত ঘৰতে পৰিয়ালৰ স’তে কটোৱা হামিদুল,চাহজাহানে গাঁৱত থকাৰ সময়ত বিভিন্ন ঠাইত ঘূৰা-ফুৰাও কৰিছিল।

অৱশেষত কালি নিশা প্ৰায় তিনি বজাত স্বাস্থ্য বিভাগৰ লগতে আৰক্ষীৰ এটা দলে দুয়োকে বিচাৰি উলিয়াই নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ আনি আইচোলেছন কৰাৰ ব্যৱস্থা কৰে। এতিয়া প্ৰশ্ন হ’ল-সৰুসজাইৰ পৰা তিনি দিন পৃৰ্বে নিৰুদ্দেশ হোৱা যুৱকদুজনৰ সন্ধান পলমকৈ ওলাল কিয়। নলবাৰী আৰক্ষী প্ৰশাসনক নিৰ্দিষ্ট সময়ত কিয় খবৰ দিয়া হোৱা নাছিল বা খবৰ পোৱাৰ পিছত কিয় ব্যৱস্থা লোৱা নাছিল।পলাতক যুৱক দুজনৰ সন্ধান ওলোৱাত তিনি দিন কিয় লাগিল।এই প্ৰশ্নৰো এতিয়া অৱতাৰনা হৈছে সাধাৰন ৰাইজৰ মাজত।

সৰুসজাইৰ পৰা একেলগে সাতজনে পলাই আহিছিল একেখন টেম্প’ৰেঃগুৱাহাটী সৰু সজাইৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা যোৱা ১৭ মে’ৰ দিনা বৰক্ষেত্ৰীৰ সাতজনকৈ লোকে একেলগে পলায়ন কৰাৰ পিছত ইয়াৰ দুজন লোকৰ সন্ধান আৰক্ষী-প্ৰশাসনে উলিয়াব নোৱাৰাৰ বিপৰীতে আন পাচজনৰ সন্ধান ১৭ মে’ৰ নিশাই লাভ কৰি স্বাস্থ্য বিভাগ তথা আৰক্ষী প্ৰশাসনে বৰক্ষেত্ৰীৰ মুকালমুৱাৰ আজাহাৰ আলী(২২),নাৰায়নপুৰ ফাৰ্ম চুপাৰ তৌফিক আলী(২০),জামাল আলী (২১),ইজাজুল আলী(২০),হাউলীঘাটৰ ইদ্ৰিছ আলী(৩২)ক নিশাই নলবাৰীলৈ নি কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰে। ইপিনে আজি প্ৰশাসন তথা স্থাস্থ্য বিভাগে এই পৰিয়ালকেইটাক হোম কোৱাৰেন্টাইন কৰে।মুকালমুৱা চ’কত খাইছিল চাহঃ আনহাতে,ক’ৰোনাত আক্ৰান্ত যুৱক দুজনে টেম্প’ৰে গুৱাহাটীৰ পৰা অহা মুকালমুৱা চ’কত চাহ খোৱা,বজাৰ কৰা,নাৱেৰে চৰাঞ্চললৈ যাত্ৰা কৰা,বাইকেৰে ঘৰলৈ যোৱা,ঘৰত গৈ তিনি দিন পৰিয়াল তথা ওচৰ-চুবুৰীয়াৰ সংস্পৰ্শলৈ অহাৰ পিছত এতিয়া কি কৰিব স্বাস্থ্য বিভাগে।আনহাতে,ক’ৰোনাত আক্ৰান্ত চৰাঞ্চলৰ দুয়োটা পৰিয়ালৰ সদস্যক আজি স্বাস্থ্য বিভাগৰ দলে নলবাৰীলৈ কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰাৰ ভাঙনামাৰীৰ উক্ত অঞ্চলটো কোৱাৰেন্টাইন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *