Sunday , September 20 2020
শেহতীয়া খবৰ

৩ মাহত ৩ কোটি শ্ৰমিকে হেৰুৱালে কৰ্মসংস্থাপনঃ আগষ্টৰ শেষলৈ আৰু ডেৰ কোটি লোকে হেৰুৱাব পাৰে কাম

নতুন দিল্লী, ২৩ জুলাই ঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চ মাহৰ শেষৰ ভাগত ঘোষণা কৰা লকডাউনৰ ভয়াৱহ পৰিণতি দেশৰ অৰ্থব্যৱস্থাৰ লগতে শ্ৰমিকসকলৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কিয়নো এপ্ৰিল মাহৰ পৰা জুনৰ মাজভাগলৈ কোৰোনা মহামাৰী আৰু লকডাউনৰ বাবে আঢ়ৈৰ পৰা তিনি কোটি শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে। যিটো এক উদ্বেগজনক খবৰ। কিয়নো ভাৰতত অস্বাভাৱিক হাৰত নিবনুৱা লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়ছোৱাতেই দেশত তিনি মাহত তিনি কোটি শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে। বিগত বৰ্ষত ভাৰতত নিবনুৱা লোকৰ হাৰে পূৰ্বৰ ৪৫ বছৰৰ অভিলেখ ভংগ কৰিছিল। এনে সময়তে কোৰোনা মহামাৰী আৰু লকডাউনৰ বাবেই তিনি কোটি শ্ৰমিক কৰ্মহীন হৈ পৰিবলগীয়া হোৱা ঘটনা দেশবাসীৰ বাবে চিন্তনীয়।

ক্ষুদ্ৰ আৰু লক্ষু উদ্যোগ সংঘ আৰু স্কাচ গ্ৰু¸পে চলোৱা এক সমীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। সমীক্ষা অনুসৰি দেশৰ আৰ্থিক অৱস্থা নিম্নগামী হৈ পৰা বাবে আগষ্টৰ শেষলৈ আৰু একৰ পৰা ডেৰ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হ’ব পাৰে। দেশজুৰি চলোৱা সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে কোৰোনা মহামাৰী আৰু লকডাউনে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া এণ্টাৰপ্ৰাইজ (এম এছ এম ই)ৰ কঁকাল ভাঙি পেলাইছে। এই সময়ছোৱাত এই উদ্যোগসমূহ বৃহৎ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। যাৰ বাবে এই উদ্যোগসমূহত কৰ্মৰত তিনি কোটি শ্ৰমিকে কাম হেৰুৱাবলগীয়া হৈছে।

ইয়াৰ উপৰি সমীক্ষাত পোহৰলৈ আহিছে যে এই তিনি মাহত ৭৪ শতাংশ ক্ষুদ্ৰ আৰু লঘু উদ্যোগে নতুনকৈ কোনো শ্ৰমিকক কৰ্মত নিয়োগ কৰা নাই। ইয়াৰ অৰ্থ এইটোৱে যে যিসকল শ্ৰমিক কৰ্মহীন হৈ পৰিছে সেইসকলে পুনৰায় কৰ্মসংস্থাপন লাভ কৰে নে নাই তাৰ নিশ্চয়তা নাই। ক্ষুদ্ৰ আৰু লঘু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত ৬.৩৩ কোটি এম এছ এম ই আছে। য’ত ১১.১০ কোটি শ্ৰমিক কৰ্মৰত হৈ আছে। ইয়াৰে আঢ়ৈৰ পৰা তিনি কোটি শ্ৰমিকে যোৱা তিনি মাহত কৰ্মসংস্থাপন হেৰুৱাইছে। ইয়াৰ অৰ্থ এইটোৱে যে এম এছ এম ইৰ পৰা ২৫ শতাংশ শ্ৰমিক এতিয়া কৰ্মহীন হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *