Sunday , September 20 2020
শেহতীয়া খবৰ

৪৮২ যাত্ৰী লৈ ডিব্ৰুগড় ষ্টেচনত উপস্থিত ৰাজধানী এক্সপ্ৰেছ

দৈনিক গণঅধিকাৰ, ডিব্ৰুগড়ঃ অৱশেষত আজি ডিব্ৰুগড়ত উপস্থিত হ’ল দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰাজধানী এক্সপ্ৰেছ। ৩ দিনৰ পিছত ০২৪২৪ নম্বৰৰ বিশেষ যাত্ৰীবাহী ৰে’লখন আজি পুৱা ৭.৪৫ বজাত ডিব্ৰুগড় বাণীপুৰ ৰে’লৱে ষ্টেচনত উপস্থিত হয়। লকডাউনৰ বাবে আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰা বিশেষ ৰে’লখনক লৈ ব্যাপক সতৰ্কতা দেখা গ’ল ডিব্ৰুগড় প্ৰশাসনৰ। ইফালে আজি ৰে’লখন বাণীপুৰ ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ছেনিটাইজ কৰা হয়।
উজনি অসমৰ ৪৮২ গৰাকী যাত্ৰীক কঢ়িয়াই অনা ৰে’লখনত আছে চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া, লক্ষীমপুৰ, ডিব্ৰুগড়, ধেমাজি আৰু অৰুণাচলৰ বহু যাত্ৰী। আনহাতে ৰে’লৱে ষ্টেচনত যাত্ৰীসকল নমাৰ লগে লগে যাত্ৰীসকলক বিশেষ আছুতীয়া কক্ষত স্ক্ৰীনিং আৰু স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসকৰ দলে। স্বাস্থ্য পৰীক্ষাৰ পিছতে নিজ নিজ জিলালৈ যাত্ৰীসকলক প্ৰেৰণ কৰে। জিলাসমূহৰ কৰ্তৃপক্ষৰ নেতৃত্বত কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে যাত্ৰীসকলক। আনহাতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত যাত্ৰীসকলৰ বাবে সাজু কৰি তোলা ২১ টাকৈ কোৱাৰেন্টাইন কেন্দ্ৰলৈ যাত্ৰীসকলক প্ৰেৰণ কৰে। বিশেষ ৰে’লযোগে দিল্লীৰ পৰা অহা শিৱসাগৰ, ধেমাজী, তিনিচুকীয়া, লক্ষীমপুৰ, চৰাইদেউৰ যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষাৰ পিছতে নিজ নিজ জিলাৰ প্ৰশাসনে বাছেৰে লৈ যায়।
ইফালে ডিব্ৰুগড় প্ৰশাসনে ৮২ গৰাকী যাত্ৰীৰ ভিতৰত ২১ গৰাকী যাত্ৰীক কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। ইফালে বাণীপুৰ ৰে’লৱে ষ্টেচনত উপস্থিত হোৱা মন্ত্ৰী সঞ্জয় কিষাণে কয়, প্ৰতিটো জিলাতে কোৱাৰেন্টাইন কেন্দ্ৰৰ সুস্বাস্থ্য ব্যৱস্থা কৰিছে। কৰ’নাৰ যুঁজখনত সকলোৱে সহযোগিতা কৰিব লাগিব। চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে ১৪ দিনৰ বাবে যাত্ৰীসকলক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হ’ব। এই ক্ষেত্ৰত কোনো অসুবিধা অনুভৱ কৰিব নোৱাৰাকৈ যাত্ৰীসকলে সকলোধৰণৰ সুবিধা লাভ কৰিব। চিকিৎসাৰ সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিব তোলা হৈছে। জিলা প্ৰশাসন, স্বাস্থ্য বিভাগক সহযোগিতা কৰিব লাগিব। তেতিয়াহে আমি নিজৰ গাঁও, চহৰ আৰু জিলাখনত বচাই ৰাখিবলৈ সক্ষম হ’ম। সেইদৰে মন্ত্ৰী যোগেন মহনে কয় যে,, যাত্ৰীসকলৰ বাবে প্ৰতিটো সমষ্টিতে কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে। শিৱসাগৰ জিলাত ১০১৫ খন আৰু চৰাইদেউ জিলাত ৮০০ খনৰো অধিক বিচনা সাজু কৰি তোলা হৈছে।
পৰ্যায়ক্ৰমেঃ এইদৰে বহিঃৰাজ্যত আৱদ্ধ লোকসকল আহিয়েই থাকিব। কৰ’না যাতে সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে ভালদৰে কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব। প্ৰশাসনৰ সকলো বিষয়া সাজু হৈছে। আমি গাঁও অঞ্চলতো শান্তি সমিতি গঠন কৰি সজাগতা গঢ়ি তোলা হৈছে। বহিঃৰাজ্যত আৱদ্ধ হৈ থকা সকলো লোকেই অসমলৈ ঘূৰি আহক। আমি ৰাজ্য চৰকাৰে সম্পূৰ্ণ তেওঁলোকৰ দায়িত্ব গ্ৰহণ কৰিছো। বিধায়ক ঋতুপৰ্ণ বৰুৱাই কয়, আজি আমাৰ প্ৰত্যাহ্বানৰ দিন। ডিব্ৰুগড় জিলাখন গ্ৰীণ জ’ন হ’লেও ৰাইজ শংকিত হৈ আছে। ইয়াৰ বাবে ডিব্ৰুগড় প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে। ডিব্ৰুগড়বাসীয়ে এতিয়া শংকিত হোৱাৰ কোনো কাৰণ নাই। প্ৰশাসনে ব্যৱস্থা কৰা ধৰণে নিজ নিজ অঞ্চলৰ জিলা বা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে যাত্ৰীসকলক সংশ্লিষ্ট এলেকালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰে’লখনৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে ব্যাপক সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হয়। ডিব্ৰুগড় বাণীপুৰ ৰে’লৱে ষ্টেচনৰ পৰা ২০০ মিটাৰ ব্যাসাৰ্ধলৈ প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা। চৰকাৰী দায়িত্বত নিয়োজিত হৈ থকা ব্যক্তিৰ বাদে ষ্টেচনৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো লোকৰ প্ৰৱেশ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ষ্টেচনত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনো উপস্থিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *