Home Main Stories ৪৮ ঘণ্টাত কোৰোনাত ৯৩ জনৰ মৃত্যু

৪৮ ঘণ্টাত কোৰোনাত ৯৩ জনৰ মৃত্যু

94
0

ৰাজ্যত ক’ভিডে লৈছে জটিল ৰূপ, আজিও প্ৰাণ হেৰুৱালে ৪৭ জনে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ মে’ : সৰ্বত্ৰ এতিয়া কোৰোনাৰ আতংক। মহামাৰী কোৰোনাই দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৈনিক এজনৰ পিছত এজনকৈ লোকে অকাল মৃত্যুক আঁকোৱালি লৈছে। কোৰোনা মহামাৰীয়ে এতিয়া মহানগৰীত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। মৃত্যুৰ কিৰিলিত পৰিণত হৈছে ৰাজ্য। ক’ভিড মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱাসকলক শাৰী শাৰীকৈ চিতাত তুলি দিয়া হৈছে। কিমান এক হৃদয়-বিদাৰক ঘটনা। নিজৰ আপোনজনক হেৰুওৱাৰ পিছতো শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব পৰা নাই আত্মীয়-স্বজন। কোৰোনা মহামাৰীয়ে এতিয়া অসমত এক জটিল ৰূপ ধাৰণ কৰিছে। ক’ভিড ৰোগীয়ে উশাহ বিচাৰি হাহাকাৰ কৰা মৃত্যুৰ কিৰিলিয়ে যেন এতিয়া অসমৰ আকাশ-বতাহ ছানি ধৰিছে। কি এক ভয়ংকৰ, ভয়াৱহ সংক্ৰমণজনিত পৰিস্থিতিত অসম উপনীত হৈছে সেয়া যেন এতিয়া বৰ্ণনাতীত। অসমৰ আকাশ-বতাহ এতিয়া যেন মাথোঁ ক’ভিড ৰোগীৰ অসহায় মৃত্যুৰ হাতোৰা। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ, যি মৃত্যুৰ হাৰে এতিয়া অসমৰ প্ৰতিজন লোককে আতংকিত কৰাৰ লগতে

পৰিৱেশ-পৰিস্থিতিৰ জটিলতাই আৰু চিকিৎসালয়সমূহত সৃষ্টি হোৱা অভাৱনীয় পৰিৱেশত সৰগ ভাগি পৰা যেন হৈছে। দিল্লী আৰু মহাৰাষ্ট্ৰত সম্প্ৰতি ক’ভিডত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসাক লৈ যি কল্পনাতীত পৰিৱেশ-পৰিস্থিতিয়ে বিৰাজ কৰিছে, অসমতো এতিয়া অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে। যি ভয়ংকৰ গতিত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে সেয়াই দিল্লী, মহাৰাষ্ট্ৰৰ দৰে পৰিস্থিতি এটা চিকিৎসালয়ত যে হৈছে সেয়া নিশ্চিত। প্ৰণিধানযোগ্য যে ৪ মে’ত অসমত ক’ভিডত আক্ৰান্ত হৈ একেদিনাই ৪১জন লোকৰ মৃত্যু হৈছিল। এটা দিনত ৪১জন ক’ভিড ৰোগীৰ বিয়োগৰ পিছতেই অসমত প্ৰতিজন ক’ভিড ৰোগী আৰু ৰোগীৰ পৰিয়ালসমূহৰ বুকু অজান আশংকাত কঁপি উঠিছিল। প্ৰতিগৰাকী লোক আৰু পৰিয়ালে অসহায়ভাৱে ভগৱানৰ নাম লৈ প্ৰাৰ্থনা কৰিছিল— এনে মৃত্যুৰ বতৰা যেন আৰু নাহক। কিন্তু অসমত এইবাৰ ক’ভিডে যে মৃত্যুৰ লীলাপাপী ৰং চাবলৈ সাজু হৈছে। চিকিৎসক, নাৰ্ছৰ অশেষ প্ৰচেষ্টাত ৰোগীৰ পৰিয়াল, আত্মীয়ৰ প্ৰাৰ্থনাক দলিয়াই দি যোৱা ৫ মে’ৰ দিনটোত অসমত ২৪ ঘণ্টাত সৰ্বাধিক ৫৫ জন লোকে প্ৰাণ হেৰুৱায়। এটা দিনতেই ৫৫জনকৈ লোকে ক’ভিডত প্ৰাণ হেৰুওৱা বিষয়টোৱে এতিয়া চাৰিওফালে অসহায় আৰু বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। চিকিৎসালয়সমূহত যি পৰিৱেশ এতিয়া সেয়া কোনো শব্দ অথবা বাক্যৰে প্ৰকাশ কৰা সম্ভৱ নহয়। গুৱাহাটী চিকিৎসালয়ত এতিয়া কেৱল মৃতদেহৰ শাৰী। শাৰী শাৰীকৈ শ্মশানত জ্বলিছে চিতা। ৬ মে’ তাৰিখে অসমত কোৰোনাত আক্ৰান্ত হৈ ৪৬জনকৈ লোকে প্ৰাণ হেৰুৱায় কোৰোনাত। অৰ্থাৎ বিগত দুটা দিনত অসমত কোৰোনাত আক্ৰান্ত হৈ ১০১জন লোকে অকাল মৃত্যুক আঁকোৱালি লয়। মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানত অভাৱ হৈছে ঠাইৰ। কি হৃদয়-বিদাৰক আৰু মৰ্মান্তিক! ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক শেষ শ্ৰদ্ধা জনাবলৈও সক্ষম হোৱা নাই পৰিয়ালৰ লোক। পিপিই কিট পিন্ধি মৃতদেহ সৎকাৰ কৰা হৈছে। মৃতদেহৰ কাষত যাবলৈ দিয়া হোৱা নাই আত্মীয়ক। লক্ষণীয়ভাৱে আজিও অসমত ক’ভিডত আক্ৰান্ত হৈ ৪৭  জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। কোৰোনাত আক্ৰান্ত হয়। মূলতঃ ক’ভিডে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যি কি নহওক, এতিয়া কোৰোনাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সজাগ আৰু সচেতন হোৱাটো নিতান্ত প্ৰয়োজন হৈ পৰিছে। নিজেও বাচক আৰু আনকো বচাওক। কোৰোনা মহামাৰীৰ পৰা সুৰক্ষিত থাকিবলৈ সামাজিক দূৰত্ব বজাই ৰাখক আৰু সঘনাই হাত-মুখ ধোৱক। নহ’লে বিপদ অনিবাৰ্য।

LEAVE A REPLY

Please enter your comment!
Please enter your name here