Home Editor's Pick ৫০,০০০ কোটি টকাৰ হেল্থ কেয়াৰ পুঁজিৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ

৫০,০০০ কোটি টকাৰ হেল্থ কেয়াৰ পুঁজিৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ

63
0

ভেকচিন, হাস্পতালৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বেংকে প্ৰাদন কৰিব পাৰিব ঋণ

নতুন দিল্লী, ৫ মে’:  কোৰোনাৰ দ্বিতীয়টো লহৰৰ মাজতেই আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে এখন সংবাদমেল সম্বোধন কৰি আজি ঘোষণা কৰে যে হেল্‌থ কেয়াৰ পুঁজিলৈ ৫০,০০০ কোটি টকা আগবঢ়োৱা হৈছে। এই ধনৰাশিৰে বেংকসমূহে ভেকচিন, হাস্পতালৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ অতিৰিক্ত ঋণ আগবঢ়াব। এই ঋণক ক’ভিড ঋণহিচাপে ধৰা হ’ব। অহাবৰ্ষলৈ এই ঋণ প্ৰদান চলি থাকিব। তেওঁ কয় যে কোৰোনাৰ দ্বিতীয়টো লহৰত দেশবাসী বহু সংকটৰ সন্মুখীন হৈছে। তেওঁ কয় যে বিগত বৰ্ষৰ তুলনাত এইবাৰৰ কোৰোনাৰ সংক্ৰমণ অধিক বৃদ্ধি পাইছে। ইয়াৰ মাজতো কিন্তু দেশৰ অৰ্থব্যৱস্থাক সুস্থিৰ অৱস্থাত বৰ্তাই ৰাখিব পৰা যায় বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান অৰ্থ স্বাভাৱিক অৱস্থাতেই আছে। খাদ্য-সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণতে আছে বুলি উল্লেখ কৰি গৱৰ্নৰগৰাকীয়ে আৰু কয় যে ৰপ্তানি বৃদ্ধি পাইছে আৰু বিদেশী মুদ্ৰাভাণ্ডাৰ বৃদ্ধি পাইছে। যাৰ বাবে দেশৰ আত্মবিশ্বাসো বৃদ্ধি পাইছে। তেওঁ কয় যে দেশৰ অৰ্থব্যৱস্থা সুস্থিৰ কৰি ৰখাৰ বাবেই ৫০,০০০ কোটি টকাৰ হেল্‌থ কেয়াৰ পঁুজি মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে বিভিন্ন ঋণ প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। এই সুবিধা সেইসকলে ল’ব পাৰিব, যিসকলে পূৰ্বতে ঋণ লোৱা নাছিল। তেওঁ কয়- বেংকসমূহে ২০২২ৰ ৩১ মাৰ্চলৈ হাস্পতালসমূহক অক্সিজেন, ভেকচিন আমদানি, ক’ভিড ঔষধ ক্ৰয় কৰিবলৈ ৫০,০০০ কোটি টকাৰ ঋণ আগবঢ়াব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here