Monday , September 21 2020
শেহতীয়া খবৰ

৯২ শতাংশ নম্বৰ লাভ কৰি সাপেখাতীলৈ  গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰী লিজা গগৈয়ে

 গণ বাৰ্তা ,সাপেখাতী ,৭জুন :- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত  চৰাইদেউ জিলা সাপেখাতী বহলহাবি গাঁৱৰ বাৰেগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী দুৰ্গেশ্বৰ গগৈ আৰু প্ৰভা গগৈৰ কন্যা লিজা গগৈয়ে  ছয়টা বিষয়য়তে লেটাৰ মাৰ্ক লাভ কৰি ডিষ্টিংচন সহ  বিৰান্নবৈ শতাংশ নম্বৰ লাভ কৰাত  অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে ।অতি অমায়িক লিজাই দৈনিক চাৰি পাঁচ ঘণ্টাকৈ পঢ়ি  অসমীয়াত ৯২,ইংৰাজীত ৯২ , সাধাৰণ গণিতত ৯৭,সাধাৰণ বিজ্ঞানত ৯৪ ,সমাজ বিজ্ঞানত ৮৯ আৰু হিন্দীত ৮৮, সৰ্বমুঠ ৫৫২ নম্বৰেৰে  আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন লবলৈ সক্ষম হৈছে ।ভৱিষ্যতে   এগৰাকী প্ৰবক্তা   হোৱাৰ সপোন পুহি ৰখা লিজাই আজৰি সময়ত  ছবি অঁকাৰ লগতে বিভিন্ন আলোচনী পঢ়া , নৃত্য , খেলা ধুলা  কৰি ভাল পায় ।মেধা সম্পন্ন লিজা গগৈৰ এনে সন্তোষ জনক ফলাফলত সাপেখাতী চাৰিআলি জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমগ্র অঞ্চলটো  উৎফুল্লিত হৈ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *