Friday , September 25 2020
শেহতীয়া খবৰ

ৰঙাঘৰৰ আলহী হ’ল ডা:সিদ্ধি প্ৰসাদ দেউৰী আৰু অধ্যক্ষা পত্নী ড০ মিতালী কোঁৱৰ

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৬ ছেপ্টেম্বৰ : গভীৰ উৎকণ্ঠা আৰু চাঞ্চল্যৰ অন্ত পেলাই শিশু নিৰ্যাতনকাৰী দম্পতিক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হ’ ল ন্যায়িক জিম্মালৈ। আৰক্ষীয়ে জিম্মাত নিবিচৰাৰ বাবে ডিব্ৰুগড় PI কৰ্টে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে দুয়োজনকে। উল্লেখ্য যে, বনকৰা শিশুক উতলা পানী ঢালি অত্যাচাৰ কৰাৰ কথা সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱাৰ পাছত সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। শিশু কল্যাণ সমিতিৰ গোচৰ মৰ্মে ডিব্ৰুগড় আৰক্ষীৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে দুই অভিযুক্ত পলায়ন কৰিছিল। আৰক্ষীৰ তদন্তৰ সমান্তৰালকৈ বিভিন্ন দল সংগঠন, মহিলা সমিতি আদিৰ তীব্ৰ প্ৰতিবাদ অব্যাহত আছিল। দুই অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শিশুটিক ন্যায় দিয়াৰ বাবেই চৌদিশে প্ৰতিবাদী ঢৌ উঠিছিল। তেনে সময়তে আৰক্ষীয়ে চিকিৎসক দেউৰীৰ পুত্ৰ আৰু জীয়ৰীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখাৰ সময়ত অভিযুক্ত দম্পতি পলায়ন কৰি কেইদিনমান শিৱসাগৰ আৰু যোৰহাটৰ নাম দেউৰী অঞ্চলত আত্মগোপন কৰি আছিল। দুটা দিন গুৱাহাটীত থকাৰ পাছত দুয়োজন নিউ জলপাইগুৰিলৈ গুচি গৈছিল। নিউ জলপাই গুৰিত থাকোঁতেই আৰক্ষীৰদ্বাৰা তেওঁলোকৰ ফোন ট্ৰেক কৰা হয়। তেওঁলোকৰ বেংক একাউন্ট পৰীক্ষা কৰাৰ পাছতে তেওঁলোক বিপদত পৰে আৰু ঘূৰি আহিবলৈ বাধ্য হয় বুলি ডিব্ৰুগড় আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে। নিউ জলপাইগুৰিৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থাকোঁতে ৰহাৰ টোলগেটত ডিব্ৰুগড় আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত দম্পতিক। দেওবাৰে ডিব্ৰুগড়লৈ লৈ আহি স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও সংগঠনে। সকলোৱে বিচাৰিছে দোষীয়ে যাতে কোনো সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰবাবে ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি উচিত শাস্তি প্ৰদান কৰক। লগতে ড০ মিতালী কোঁৱৰক অধ্যক্ষ হিচাপে কোনো পধ্যেই মানি লোৱা নহ’ব, তেওঁক কলেজৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি দাবী জনাইছে মৰাণ কলেজৰ ছাত্ৰ একতা সভাই।

[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা ]

Leave a Reply

Your email address will not be published. Required fields are marked *