Wednesday , September 23 2020
শেহতীয়া খবৰ

ৰঙামাটিত কুৰিজনৰো অধিক কংগ্ৰেছ কৰ্মী “অগপ”ত যোগদান

গণ বাৰ্তা, বাদুলিপাৰ, ১৪ চেপ্তেম্বৰ :   আগন্তুক অসম বিধান সভা (২০২১) নিৰ্বাচনৰ দিন চমূ চাপি অহা লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুঁচ-কাবাজ তিব্ৰতৰ হৈ উঠিছে।সমান্তৰাল ভাৱে  শাসক বিৰোধীৰ  মাজত আৰম্ভ হৈছে দল বাগৰা ৰাজনীতি।সেই অনুশৰি গোলাঘাট জিলাৰ বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত ১৯নং ৰঙামাটি কৈৱৰ্ত্ত গাওঁ পঞ্চায়ত এলেকাৰ  ৭নং ৱাৰ্ডত দিলীপ মুদী আৰু বাবুল বাঢ়ৈৰ আহ্বানক্ৰমে দেওবাৰে জিলা “অগপ”চাহ কোষৰ সভাপতি যোগেশ ৰবিদাসৰ সভাপতিত্বত অনুষ্ঠিত এখন দলীয় সভাত  সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত পঞ্চায়ত এলেকাৰ   কুৰিজনৰো অধিক সক্ৰিয় কংগ্ৰেছী কৰ্মীয়ে আঞ্চলিক দল “অসম গণ পৰষদ”ত আনুষ্ঠানিক ভাৱে যোগদান কৰে।”অগপ”চাহ কোষৰ সাধাৰণ সম্পাদক সোনালাল সোনাৰে আত ধৰা    সভাখনত “অগপ”চাহ কোষৰ ৰাজ্যিক সভাপতি লক্ষণ কৰ্মকাৰ,সাধাৰণ সম্পাদকদ্বয় ক্ৰমে-ভাস্কৰ কালিন্দী,প্ৰীতম তাতী,অগপ, বোকাখাত সমষ্টিৰ দেবেন্দ্ৰ বাৰুকীয়াল,বিত্ত সম্পাদক দীপক গগৈ,আঞ্চলিক পৰিষদৰ সভাপতি খছনুৰ আলি,সম্পাদক ৰিপুন দত্ত,প্ৰাক্তন সভাপতি দিলীপ চাহু,সম্পাদক জীতেন দাস,মহিলা পৰিষদৰ সম্পাদিকা কুসুম ৰবিদাস আদি উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *