Wednesday , September 23 2020
শেহতীয়া খবৰ

ৰঙিয়াত আৰক্ষীৰ দেহত কোৰোনাঃ  ব্যৱসায়ী-অৱসৰপ্ৰাপ্ত শিক্ষককে ধৰি সাতজনৰ দেহত কৰোণাৰ লক্ষণ 

গণবাৰ্তা ৰঙিয়াঃ  ৰঙিয়া আৰক্ষী থানাত দুজনকৈ আৰক্ষীৰ দেহত ধৰা পৰিছে কৰোণা পজেটিভ । যোৱা ২৪ তাৰিখে ৰঙিয়া আৰক্ষী থানৰ ১১ জনকৈ আৰক্ষীৰ চোৱাব টেষ্ট কৰাৰ ব্যৱস্থা কৰা কৰিছিল স্বাস্থ্য বিভাগে । চোৱাব টেষ্ট কৰা সকলৰ ভিতৰৰ উপ পৰিদৰ্শক শ্যামল জ্যোতি শইকীয়া আৰু এ পি টি এফৰ জোৱান নাৰায়ণ দাসৰ দেহত ধৰা পৰে কৰোণা পজেটিভ । লগে লগে স্বাস্থ্য বিভাগৰ দল আহি দুয়োজন আৰক্ষীকে মিৰ্জাৰ পতনঞ্জলী হাস্পাতালৈ লৈ গৈছে । ইফালে ৰঙিয়া স্বস্তি হাস্পাতালৰ এগৰাকী নাৰ্চৰ দেহাটো পোৱা গৈছে কৰোণা পজেটিভ । উল্লেখযোগ্য যে যোৱা ৮ জুনত ৰঙিয়া চহৰৰ সোমাজত আৰ্থাৎ চুপাৰ মাৰ্কেটৰ সমিপত ৰাম অৱতাৰ আগৰৱালা নামৰ ব্যৱসায়ীৰ দেহত ধৰা পৰিছিল কৰোণা । এই গৰাকী ব্যৱসায়ীয়ে যোৱা কিছুদিন ধৰি স্বাস্থ্য পৰীক্ষা কৰি আছিল ৰঙিয়া স্বস্তি হাস্পাতালত । গুৰুত্বপূৰ্ণ বিষয়টো হলযে ৰঙিয়াত বৰ্তমানলৈ সাতজন ব্যক্তিৰ দেহত ধৰা পৰে কৰোণা পজেটিভ । ইয়াৰ ভিতৰত পাচ জন ব্যক্তিৰ নাই কোনো ট্ৰেভেল হিষ্টী । ট্ৰেভেল হিষ্টী নথকাকৈ এনেদৰে সামাজিক সক্ৰামনহৈ পাচজনকৈ ব্যক্তিৰ দেহত কৰোণা পজিটিভ পোৱাক লৈ সংকিট হৈ পৰিছে ৰঙিয়া সচেতন ব্যক্তি সকল । যদিহে এনেদৰে ধাৰাবাহিক ভাবে কৰোণাৰ পজেটিভৰ সংখ্যা ৰঙিয়াত বৃদ্ধি হৈ গৈ থাকে নিশ্চয় গুৱাহাটীৰ দৰে ৰঙিয়াটো ল’কডাউনৰ সন্মুখীন হব লাগিব ৰঙিয়াবাসী ।

Leave a Reply

Your email address will not be published. Required fields are marked *