Monday , August 10 2020
শেহতীয়া খবৰ

ৰন্ধন প্ৰণালীক সহজ আৰু উপভোগ্য কৰি তুলিবলৈ নেছলে ইণ্ডিয়াই ইয়াৰ ব্ৰেণ্ড মেগিৰ জৰিয়তে কঢ়িয়াই আনিছে নতুন ‘ছাৰ্ভিচ কেম্পেইন’

দৈনিক গণঅধিকাৰঃ ব্যাপক ৰেঞ্জৰ সামগ্ৰী আৰু প’ৰ্টফলিঅ’সহ নেছলে ইণ্ডিয়াই প্ৰতিনিয়ত গ্ৰাহকেৰে ইয়াৰ বিশ্বাসৰ এনাজৰীডাল অটুট ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰি আহিছে আৰু দৈনন্দিন ৰন্ধনৰ প্ৰতি উৎসাহিত কৰি সকলো পৰিস্থিতিতে তেওঁলোকৰ চাহিদা পূৰণ কৰাত গুৰুত্ব আৰোপ কৰি আহিছে । বৰ্তমানৰ দৰে পৰিস্থিতিত আমাৰ গ্ৰাহকসকলে সহজে পোৱা উপকৰণেৰে দৈনিক ঘৰতে সুস্বাদু আহাৰ পৰিবেশন কৰাৰ উপায় বিচাৰে । দশকজুৰি এক বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে এনে সময়তে গ্ৰাহকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাটো আমাৰ দায়িত্ব । সেয়েহে নেছলেয়ে মুকলি কৰিছে “মেগি-কুকিং মেড ছিম্পল”, এনে এক সেৱা যিয়ে দৈনন্দিন ৰন্ধন প্ৰণালীক সহজ,সুবিধাজনক আৰু উপভোগ্য কৰি তুলিব ।

এই সেৱা আমাৰ ৱেবছাইট MAGGI.in ৰ জৰিয়তে উপলব্ধ হ’ব,যিয়ে দেশৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় ৰেচিপিসমূহ তিনিটা শাখাত “মেড ইজি”, “মেড উইথ এ টুইষ্ট” আৰু “মেড হেলডিয়াৰ” ৰ অধীনত কঢ়িয়াই আনিছে ।

এই অভিযান মুকলি সন্দৰ্ভত নেছলে ইণ্ডিয়াৰ ফুড এণ্ড কনফেকচনাৰী বিভাগৰ সঞ্চালক নিখিল চান্দে কয়, “এটা দশক ধৰি ভাৰতীয় ৰান্ধনী শালত বিদ্যমান হৈ আহিছে নেছলে । এনে কঠিন সময়ত, সীমিত উপকৰণেৰে ঘৰুৱা চাহিদা অনুযায়ী আহাৰ প্ৰস্তুত কৰা হয় । www.maggi.in ত আগবঢ়োৱা সমাধানে সকলো পৰ্যায়ৰ দক্ষ উপভোক্তাক আত্মবিশ্বাস আৰু আগ্ৰহেৰে ৰান্ধিবলৈ উৎসাহিত কৰিব, নতুন ধাৰণাৰ সন্ধান কৰিব আৰু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি সুস্বাদু আহাৰ পৰিবেশন কৰিব । প্ৰথমবাৰলৈ আমি হোম চেফসকললৈ এখন উচিত মঞ্চ আগবঢ়াম আৰু তেওঁলোকৰ প্ৰায় ৭০০ জনপ্ৰিয় ৰেচিপিক আমাৰ ৱেবছাইটত অন্তৰ্ভুক্ত কৰিম । উপভোক্তাসকলৰ পৰা পোৱা সঁহাৰিয়ে এই সেৱা উন্নত কৰাত সহায় কৰিব । এই সেৱাৰ জৰিয়তে জনসাধাৰণক দৈনিক স্মৰণীয় খাদ্যৰ সময় সৃষ্টিত সহায়ক হোৱাকৈ আমি এক ক্ষুদ্ৰ ভূমিকা পালন কৰিব পাৰিম বুলি আশাবাদী ।“

দৈনন্দিন আহাৰত ভিন্নতা আৰু বিচিত্ৰতাৰ সোৱাদ দিবলৈ MAGGI.in ৰ ৰেচিপিসমূহ তৈয়াৰ কৰা হৈছে , যিয়ে স্বাদ আৰু পুষ্টিৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰি মুখ্য আহাৰ পৰিকল্পনা আৰু আহাৰ প্ৰস্তুত কৰাৰ সুবিধা প্ৰদান কৰে ।
https://www.maggi.in/ ত এই সেৱাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *