শেহতীয়া খবৰ

ৰপ্তানিৰ তুলনাত চীনৰ পৰা আমদানিহে বেছি ভাৰতৰঃ ২০১৯ ত ভাৰতে চীনৰ পৰা ৬৮ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী আমদানি

 ৰপ্তানিৰ পৰিমাণ আছিল কেৱল ১৬.৩২ বিলিয়ন মাৰ্কিন ডলাৰ

ভাৰতে আমেৰিকালৈ সৰ্বাধিক সামগ্ৰী ৰপ্তানি, আমদানি চীনৰ পৰা

নতুন দিল্লী, ২৯ জুন ঃ  ভাৰত-চীনৰ মাজত ব্যৱসায় আৰু আৰ্থিক সম্বন্ধ পূৰ্বৰ তুলনাত যোৱা কেইবাটাও বছৰত বৃদ্ধি পাইছে। গালৱান উপত্যকাত চীনা সেনাই ২০জন ভাৰতীয় বীৰ জোৱানক শ্বহীদ কৰাৰ পিছত এতিয়া সমগ্ৰ দেশজুৰি চীনৰ কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰী বৰ্জন কৰাৰ ঢৌ উঠিছে। বাস্তৱিকত চীনা সামগ্ৰী বৰ্জন কৰি বা আমদানি নকৰি ভাৰতে নিজাকৈ  স্ব-নিৰ্ভৰশীল হ’ব পাৰিব নে নাই এতিয়া সেইটো কথা দেশৰ সচেতন মহলৰ মনত উদয় হৈছে। কিয়নো ভাৰতে বৃহৎ পৰিমাণৰ সামগ্ৰী চীনৰ পৰা আমদানি কৰে। তাৰ তুলনাত ভাৰতে চীনলৈ কম মাত্ৰাত সামগ্ৰী ৰপ্তানি কৰে। দুয়োখন দেশৰ মাজত সাধাৰণতে আমদানি-ৰপ্তানি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে কপাহ, তাম, হীৰা, যান্ত্ৰিক সামগ্ৰী, বিদ্যুতৰ লগত জড়িত সামগ্ৰী। ভাৰতে সাধাৰণতে চীনলৈ ৰপ্তানি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে কপাহ, তাম, হীৰা আৰু অন্যান্য প্ৰাকৃতিক ৰত্ন। আনহাতে চীনৰ পৰা ভাৰতে আমদানি কৰে বা চীনে ভাৰতলৈ ৰপ্তানি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে যান্ত্ৰিক সামগ্ৰী, টেলিকম সামগ্ৰী, বিদ্যুতৰ সৈতে জড়িত সামগ্ৰী আৰু জৈৱিক ৰাসায়নিক সামগ্ৰী আৰু খাদ্য। দুয়োখন দেশৰ মাজত হৈ থকা আমদানি-ৰপ্তানিৰ ব্যৱসায়ত চীন অধিক লাভান্বিত হৈছে। দুয়োখন দেশৰ মাজত ২০০০ত হোৱা ব্যৱসায়ৰ পৰিমাণ আছিল কেৱল তিনি বিলিয়ন ডলাৰ। কিন্তু ২০০৮ত ইয়াৰ পৰিমাণ বৃদ্ধি পাই হয়গৈ ৫১.৮ বিলিয়ন ডলাৰ। ২০১৮ত দুয়োখন দেশৰ মাজত ব্যৱসায়ৰ পৰিমাণ আৰু অধিক বৃদ্ধি পায়। দুুুয়োখন দেশৰ মাজত ৯৫.৫৪ বিলিয়ন ডলাৰৰ ব্যৱসায় হয়। কিন্তু ২০১৯ত দুয়োখন দেশৰ মাজত ১.৫ শতাংশ ব্যৱসায় পূৰ্বৰ তুলনাত হ্ৰাস পায়। অৰ্থাৎ বিগত বৰ্ষত ভাৰত আৰু চীনৰ মাজত ৩ বিলিয়ন ডলাৰৰ ব্যৱসায় হ্ৰাস হয়। কিন্তু ভাৰতত চীনৰ সামগ্ৰী ৰপ্তানিৰ পৰিমাণ পূৰ্বৰ তুলনাত বৃদ্ধি পায় বিগত বৰ্ষত। ভাৰতলৈ চীনৰ সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ বিগত বৰ্ষত ২.১ শতাংশ বৃদ্ধি পায় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৮ত ভাৰত আৰু চীনৰ মাজত ৯৫.৫৪ বিলিয়ন ডলাৰৰ বেপাৰ হৈছিল। য’ত ভাৰতে যি সামগ্ৰী ৰপ্তানি কৰিছিল তাৰ মূল্য আছিল ১৮.৮৪ বিলিয়ন ডলাৰ। ইয়াৰ অৰ্থ- চীনে ভাৰতৰ পৰা কম সামগ্ৰী ক্ৰয় কৰিছে আৰু ভাৰতত পাঁচ গুণতকৈও অধিক সামগ্ৰী বিক্ৰী কৰিছে। ফলত দুয়োখন দেশৰ মাজত হোৱা বেপাৰত চীন লাভান্বিত হৈছে। উল্লেখ্য যে ২০১৯ৰ এপ্ৰিল আৰু ২০২০ ফেব্ৰুৱাৰীৰ মাজত ভাৰতৰ মুঠ আমদানি সামগ্ৰীৰ ১১.৮ শতাংশ দখল কৰে। কিন্তু ভাৰতে চীনলৈ ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণ আছিল কেৱল ৩ শতাংশ। ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে ভাৰতে যিমান সামগ্ৰী বিক্ৰী কৰে তাৰ তুলনাত চীনৰ পৰা অধিক ক্ৰয় কৰে। দুয়োখন দেশৰ মাজত বিশ্বৰ বৃহৎ লোকচানৰ ব্যৱসায় চলি আছে। তথ্য অনুসৰি ভাৰতত চীনৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ ২.৩৪ বিলিয়ন ডলাৰতকৈ অধিক। ২০১৯ত ভাৰতে চীনৰ পৰা সামগ্ৰী আমদানি কৰাৰ পৰিমাণ আছিল ৬৮ বিলিয়ন ডলাৰ। তাৰ তুলনাত চীনলৈ ভাৰতে ৰপ্তানি কৰিছিল ১৬.৩২বিলিয়ন মাৰ্কিন ডলাৰৰ। ইয়াৰ অৰ্থ হৈছে- ভাৰতৰ প্ৰায় ৫২ বিলিয়ন ডলাৰৰ বেপাৰ লোকচান হৈছে। উল্লেখ্য যে ভাৰতৰ বিশ্বৰ কেইবাখনো দেশৰ লগত ভাল সম্পৰ্ক আছে। যাৰ সৈতে ভাৰতে বেপাৰ কৰি আহিছে। ২০১৯-২০ত ভাৰতে সামগ্ৰী ৰপ্তানি কৰা বিশ্বৰ দহখন দেশৰ তালিকাৰ শীৰ্ষত আছে আমেৰিকা। ২০১৯-২০ত ভাৰতে ৫২.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰিছে। আনহাতে ইউনাইটেড আৰব এমিৰেট্ছ (ইউ এ ই)লৈ ২৪.৩ বিলিয়ন মাৰ্কিন ডলাৰ, চীনলৈ ১৪.৪ বিলিয়ন মাৰ্কিন ডলাৰ, হংকঙলৈ ৯.৩ বিলিয়ন মাৰ্কিন ডলাৰ,  ছিংগাপুৰলৈ ৭.৬ বিলিয়ন মাৰ্কিন ডলাৰ, ইউনাইটেড কিংডমলৈ ৭.৪ বিলিয়ন মাৰ্কিন ডলাৰ, নেদাৰলেণ্ডলৈ ৭.১ বিলিয়ন মাৰ্কিন ডলাৰ, জাৰ্মানীলৈ ৭.০ বিলিয়ন মাৰ্কিন ডলাৰ, বাংলাদেশলৈ ৬.৭ বিলিয়ন মাৰ্কিন ডলাৰ আৰু নেপাললৈ ৬.০ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে। আনহাতে ভাৰতে এই সময়ছোৱাত চীনৰ পৰা সৰ্বাধিক সামগ্ৰী আমদানি কৰিছে। ভাৰতে ২০১৯-২০ত চীনৰ পৰা ৫৭.৯ বিলিয়ন মাৰ্কিন ডলাৰ সামগ্ৰী আমদানি কৰাৰ বিপৰীতে আমেৰিকাৰ পৰা ৩০.৫ বিলিয়ন মাৰ্কিন ডলাৰ, ইউএইৰ পৰা ২৫.৮ বিলিয়ন মাৰ্কিন ডলাৰ, ছৌদি আৰবৰ পৰা ২৩.০ বিলিয়ন মাৰ্কিন ডলাৰ, ইৰাকৰ পৰা ১৯.৮ বিলিয়ন মাৰ্কিন ডলাৰ, ছুইজাৰলেণ্ডৰ পৰা ১৪.৮ বিলিয়ন মাৰ্কিন ডলাৰ, হংকঙৰ পৰা ১৪.৬ বিলিয়ন মাৰ্কিন ডলাৰ, দক্ষিণ কোৰিয়াৰ পৰা ১৩.২ বিলিয়ন মাৰ্কিন ডলাৰ, ইণ্ডোনেছিয়াৰ পৰা ১২.৮ বিলিয়ন মাৰ্কিন ডলাৰ  আৰু ছিংগাপুৰৰ পৰা ১২.২ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী আমদানি কৰিছে।  ভাৰতৰ যদি কোনো দেশৰ সৈতে  হোৱা বেপাৰত লোকচান হৈছে তেন্তে সেয়া চীনৰ সৈতে। ভাৰতে চীনৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী আমদানি কৰি আছে, তাৰ তুলনাত সামান্য পৰিমাণহে ৰপ্তানি কৰি আছে। অৰ্থাৎ ভাৰতে চীনৰ পৰা বেছিকৈ সামগ্ৰী ক্ৰয় কৰিছে আৰু নামমাত্ৰহে বিক্ৰী কৰিছে। ২০১৮ত ভাৰতৰ চীনৰ সৈতে ৫৭.৮৬ বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যৱসায়িক লোকচান হৈছিল। দুয়োখন দেশৰ মাজত হৈ থকা  ব্যৱসায়ৰ এনে আকাশ-পাতাল পাৰ্থক্য এতিয়া ভাৰতৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। ভাৰতে চীনৰ সৈতে এই সম্পৰ্কত আলোচনাও কৰিছে আৰু কৈছে যে ভাৰতে কিছু সামগ্ৰীৰ বাবে তেওঁলোকৰ, অৰ্থাৎ চীনৰ বজাৰত আৰু অধিক প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে। ভাৰতত ঔষধ প্ৰস্তুত হয় আৰু এই ক্ষেত্ৰত বিশ্বত ভাৰতৰ সুনাম আছে। ভাৰতে চীনত ঔষধ বিক্ৰী কৰিব পাৰে। লগতে আই টি সেৱা প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰি চাউল, চেনি, বহু ধৰণৰ ফল আৰু শাক-পাচলি, কাপোৰ আদি ৰপ্তানি কৰিব পাৰে চীনলৈ। দুয়োখন দেশৰ মাজত দেখা দিয়া বেপাৰৰ আকাশ-পাতাল পাৰ্থক্যৰ সমস্যা নাইকিয়া কৰাৰ বাবে ২০১৪ত এক চেষ্টা চলোৱা হৈছিল। এই চেষ্টা তেতিয়া চলোৱা হৈছিল, যেতিয়া চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ভাৰত ভ্ৰমণলৈ আহিছিল। সেই সময়ত দুয়োখন দেশৰ মাজত বেপাৰৰ সহযোগিতা বৃদ্ধি কৰাৰ বাবে পাঁচ বছৰৰ বিকাশৰ এক ৰূপৰেখা তৈয়াৰ কৰা হৈছিল। সেই সময়ত এইটোও আলোচনা কৰা হৈছিল যে কিদৰে ভাৰতৰ সামগ্ৰী চীনৰ বজাৰত অধিক উপলব্ধ কৰিব পৰা যায়। পিছত ২০১৮ত নিৰ্ণয় হৈছিল পূৰ্বৰ তুলনাত আৰু কিছু সামগ্ৰী চীনত বিক্ৰী কৰাৰ। এইসমূহৰ ভিতৰত আছিল বাসমতী চাউল, মাছৰ খাদ্য আৰু মাছৰ তেলৰ দৰে অন্যান্য সামগ্ৰী। লগতে সিদ্ধান্ত হৈছিল ভাৰতে চীনলৈ জলকীয়া আৰু গুট্খা ৰপ্তানি কৰাৰ। ভাৰতে বিচাৰিছিল চীনৰ সৈতে হৈ থকা বেপাৰৰ লোকচান যিকোনো প্ৰকাৰে কম বা নিয়ন্ত্ৰণ কৰা। চীনৰ বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৭ৰ ডিচেম্বৰলৈ চীনে ভাৰতত ৪,৭৪৭ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ কৰিছে। কিন্তু চীনত ভাৰতৰ বিনিয়োগ কেৱল নামমাত্ৰহে। ২০১৭ৰ ছেপ্টেম্বৰলৈ ভাৰতে চীনত ৮৫১.৯১ মিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *