Sunday , September 20 2020
শেহতীয়া খবৰ

ৰাছিয়াৰ বিজয়ী দিৱসত প্ৰতিৰক্ষা  মন্ত্ৰী ৰাজনাথৰ অংশগ্ৰহণঃ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ নকৰে ৰাজনাথ সিঙে

মস্কো, ২৪ জুন ঃ ভাৰত আৰু চীনৰ মাজত উত্তেজনাময় পৰিৱেশ শান্ত কৰিবলৈ ৰাছিয়াই উদ্যোগ গ্ৰহণ কৰি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিছিল। কালি বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে দুয়োখন ৰাষ্ট্ৰই সীমান্তৰ উত্তেজনা শাম কটাবলৈ প্ৰস্তুত হৈছিল। কালিৰ বৈঠকৰ পিছতে আজি ৰাছিয়াৰ বিজয় দিৱস অনুষ্ঠিত হয়। উল্লেখ্য যে এইবেলি মস্কোত অনুষ্ঠিত ৰাছিয়াৰ এই বিজয় দিৱসত অতিথি হিচাপে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে আদি কৰি বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছিল। আজি বিজয় দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰাৰ বাবে ৰাজনাথ সিং উপস্থিত হয় যদিও সংবাদ মাধ্যমক স্পষ্টভাৱে জনায় যে তেওঁ মস্কোত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ নকৰে। উল্লেখ্য যে চীনৰ সংবাদ মাধ্যমত মস্কোত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফ্ৰেংগে মিলিত হ’ব বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰা হৈছে। উক্ত স্পষ্টীকৰণত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ নকৰে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। লক্ষণীয় যে শেহতীয়াকৈ ভাৰত-চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়ত ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাজনাথ সিঙৰ ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু ৰাছিয়াৰ মাজত অস্ত্ৰ চুক্তি অনুসাৰে প্ৰয়োজনীয় অস্ত্ৰসমূহ অনতিপলমে ভাৰতক যোগান ধৰাৰ ক্ষেত্ৰত আলোচনা অনুষ্ঠিত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *