Wednesday , September 23 2020
শেহতীয়া খবৰ

ৰাজগড়ত চিপিআই (এম এল) ৰ অনশনৰ সফল  সামৰণি

গণ বাৰ্তা :ৰাজগড় ,১৬ জুলাই : অখিল গগৈ,বলদেব তেলী সহ সকলো কা কাৰাবন্দী ক মুক্তি ৰ দাবীত চিপিআই (এম এল) ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে যোৱা কালিৰ পৰা আৰম্ভ কৰা অনশন কাৰ্যসূচীৰ আজি সামৰণি পৰে । আজি দিনৰ ১২ বাজি উকলি যোৱাৰ পিছতে “কা” বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সভাপতি যাদব গগৈ দেবে বলিন্দ্ৰ শইকীয়াক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মধু গগৈ দেৱে  বিতোপন বকলীয়ালক ফলৰ ৰস খুৱাই  আনুস্থানিক ভাৱে অনশন কাৰ্যসূচী ভংগ কৰে । এক প্ৰেছ বিবৃতি ত দলৰ ফালৰ পৰা কয় যে যেতিয়ালৈকে “কা” আন্দোলনৰ নেতা অখিল গগৈ, বলদেব তেলী সহ সকলো কা কাৰাবন্দী ক মুক্তি দিয়া নহব আন্দোলন অব্যাহত থাকিব । দলে বিজেপি ৰ প্ৰতিশোধৰ ৰাজনীতি বন্ধ কৰা আৰু সকলো কা বন্দী ক মুক্তি দিয়াৰ দাবী জনায় । লগতে বিজেপি ৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে সকলো বিৰোধী শক্তি ক ঐক্যবদ্ধ হৈ প্ৰতিবাদ গঢ়ি তুলিবলৈ আহবান জনায় । আজিৰ কাৰ্যসূচীত দলৰ বহু সংখ্যক নেতা কৰ্মীৰ লগতে স্থানীয় সচেতন নাগৰিক সকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *