
নতুন দিল্লী, ৭ মে’ : ৪খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত প্ৰথমবাৰলৈ কংগ্ৰেছৰ সৰ্বদলীয় বৈঠক, চমুকৈ চিপিচি অনলাইনৰ জৰিয়তে আয়োজন হয়। যি বৈঠকত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে পাঁচখন ৰাজ্যত দলটোৰ পৰাজয়ক লৈ গভীৰ চিন্তা ব্যক্ত কৰে। তেওঁ এই পৰাজয়ৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলক শিক্ষা ল’বলৈও আহবান জনায়। তাৰ লগতে তেওঁ কংগ্ৰেছৰ সাংসদসকলক কয় যে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে শীঘ্ৰে পৰাজয়ৰ সমীক্ষাৰ বাবে বৈঠক আয়োজন কৰিব। আজিৰ বৈঠকতেই দেশত চলি থকা কোৰোনাৰ দ্বিতীয়টো লহৰৰ প্ৰসংগত তেওঁ কয় যে ৰাজনৈতিক নেতৃত্বই ভাৰতক অসহায় কৰি তুলিছে। মোদী চৰকাৰক সমালোচনা কৰিয়েই তেওঁ আৰু কয় যে কেন্দ্ৰীয় চৰকাৰকখন জনগণৰ পক্ষত থিয় হোৱা নাই। ক’ভিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে দেশত সক্ষম আৰু দূৰদৰ্শী নেতৃত্বৰ প্ৰয়োজন যদিও মোদী চৰকাৰৰ উপেক্ষাৰ বাবে দেশ এতিয়া ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰিছে। তেওঁ লগতে কয় যে ক’ভিড
মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে একত্ৰিত হ’ব লাগিব। তেওঁ লগতে মোদী চৰকাৰক ক’ভিড সংকটক লৈ শীঘ্ৰে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিবলৈও দাবী তোলে। উল্লেখ্য যে ছোনিয়া গান্ধীয়ে ইয়াৰ পূৰ্বেও পত্ৰৰ জৰিয়তে ক’ভিড মহামাৰীক লৈ মোদী চৰকাৰক সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিবলৈ আহবান জনাইছিল। কিন্তু মোদী চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই। যাৰ বাবে ছোনিয়া গান্ধীয়ে আজি কয় যে বিৰোধীৰ মতামতসমূহ উপেক্ষা কৰাৰ বাবেই এতিয়া দেশ ভয়ংকৰ পৰিস্থিতিলৈ গতি কৰিছে।