Home Popular ৰাজ্যচৰকাৰৰ নতুন SOP অনুযায়ী সষ্টম আৰক্ষী প্ৰশাসন

ৰাজ্যচৰকাৰৰ নতুন SOP অনুযায়ী সষ্টম আৰক্ষী প্ৰশাসন

85
0

গণ বাৰ্তা, ইটাখোলা, ৭ মেঃ দেশৰ লগতে ৰাজ্যত ক’ভিড-১৯ৰ ভয়ানক সংক্ৰমণৰ ফলত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে সঘনাই নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । ইফালে ৰাজ্য চৰকাৰে নতুন SOP জাৰি কৰাৰ লগে লগে জিলা প্ৰশাসন তথা আৰক্ষী বিভাগ অধিক সষ্টম হোৱা পৰিলক্ষিত হৈছে। চৌদিশে এতিয়া শংকা-ভয় নিৰাজ মান,জনগণে এফালে জীয়াই থকাৰ সংগ্ৰাম আনপিনে ক’ৰোণা মহামাৰীৰ সংক্ৰমণৰ পৰা বাচিবলৈ যুদ্ধ সদৃশ পৰিস্থিতি। নতুন SOP ৰ নিৰ্দেশনা অনুসৰি দিনৰ ২ বজাৰ লগে লগে চহৰ-নগৰত আৰক্ষী প্ৰশাসনৰ বাদে জন শূণ্য পৰিৱেশ,ফলস্বৰূপে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সকলো পৰ্যায়ৰ ব্যৱসায়ৰ মন্দাৱস্থাত পানীত হাঁহ নচৰা অৱস্থা। ইয়াৰ মাজতে এচাম লোকে ক’ভিড-১৯ ৰ নীতি-নিৰ্দেশনাক আওকান কৰি অনাহকতে পৰিভ্ৰমণ,ৰাজহুৱা স্থানত ভিৰ কৰাক লৈ আৰক্ষীৰ কঠোৰ স্থিতিত লাঠিৰ কোব,জৰিমনা বিহাৰ পৰিস্থিতিয়ে সৰ্ব্ব সাধাৰণ ৰাইজ ব্যথিত হোৱা দেখা গৈছে। মুঠতে,মানৱজীৱণ এতিয়া যেন জীৱণ-মৰণৰ মাজত এক প্ৰ মত্যাহ্বানৰ সন্মূখীন হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here