Friday , September 25 2020
শেহতীয়া খবৰ

ৰাজ্যজুৰি সংহাৰী বানত মৃত্যু ঘটনা লোকৰ সংখ্যা ৩৭জনলৈ বৃদ্ধিঃ ৰাজ্যৰ ১৮খন জিলা বানৰ কবলত, ১০৭৫২০৪জন লোক প্ৰভাৱিত

মহানগৰ প্ৰতিবেদক, ৪ জুলাই ঃ আহাৰমহীয়া বানত পুনৰ দুজন লোকৰ মৃত্যু ঘটিছে। মৰিগাঁও আৰু তিনিচুকীয়া জিলাত আজি বানত দুজন লোকৰ মৃত্যু ঘটাত সংহাৰী বানত মৃত্যু ঘটা লোকৰ সংখ্যা ৩৭জনলৈ বৃদ্ধি পাইছে। ৰাজ্যৰ কেইবাখনো জিলা বৰ্তমানো বানৰ কবলত। বিশেষকৈ ধেমাজি, বিশ্বনাথ, চিৰাং, দৰং, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ (ম), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আজিও বানৰ কবলত। এই ১৮খন জিলাৰ ৪৩টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১,৪১২খন গাঁও বানৰ কবলত। ব্ৰহ্মপুত্ৰ, জীয়াভৰলী আৰু কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বাবে এই ১৮খন জিলা বানত প্ৰভাৱিত হৈছে। অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰতিবেদন অনুসৰি বানত ১০,৭৫,২০৪জন লোক প্ৰভাৱিত হৈছে। ইয়াৰ উপৰি ৫৩,৩৪৮.৪২হেক্টৰ কৃষিভূমি বানৰ কবলত। উল্লেখ্য যে সংহাৰী বানৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা, চিৰাং, গোৱালপাৰা, ধুবুৰী, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াত তৎকালীনভাৱে আশ্ৰয় শিবিৰ গঠন কৰা হৈছে। এতিয়ালৈ ৰাজ্যজুৰি ৭১টা আশ্ৰয় শিবিৰ গঠন কৰাৰ লগতে শতাধিক সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি আজিৰ দিনটোত বানাক্ৰান্ত ৰাইজৰ মাজত ২,০২৮.২৫ কুইণ্টল চাউল, ৭৬১.১৮ কুণ্টল দাইল, ২২৮.৩৫ কুইণ্টল নিমখ বিতৰণ কৰা হৈছে। ইয়াৰ উপৰি বানাক্ৰান্ত ৰাইজৰ মাজত নিতৌ প্ৰয়োজনীয় সামগ্ৰীও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *