Sunday , September 20 2020
শেহতীয়া খবৰ

ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭৭৪লৈ বৃদ্ধি, আজি ৯২জন লোক কোৰোনাত আক্ৰান্ত

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। কালি বিমানযোগে অসমলৈ অহা প্ৰথমজন যাত্ৰী কোৰোনাত আক্ৰান্ত হৈছে। আজি দিনৰ ভাগত অসমত ৯২জন লোক কোৰোনাত আক্ৰান্ত হৈছে। অসমত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৭৪লৈ বৃদ্ধি পাইছে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে দিয়া তথ্য অনুসৰি আজিৰ দিনটোত কামৰূপ মহানগৰত ৪২, গোলাঘাটত ১৮, নগাঁৱত তিনি, ধেমাজিত এক, কাৰ্বি আংলঙত দুই, লখিমপুৰত এক, শিৱসাগৰত এক, চৰাইদেউত ৯, হোজাই ৯, মৰিগাঁৱত পাঁচ আৰু দৰঙত চাৰিগৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।

অসমত ভয়াৱহ হাৰত কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰিবলগীয়া হৈছে। ইতিমধ্যে এমএমচি হাস্পতাল, জিএমচিএইচ আৰু যক্ষ্মা চিকিৎসালয়ত আসন নাইকিয়া হৈছে। সেয়ে কোৰোনা ৰোগীৰ বাবে সোণাপুৰ চিকিৎসালয় মুকলি কৰিছে। আজি আক্ৰান্ত ৰোগীসকলক সোণাপুৰ চিকিৎসলায়ত ভৰ্তি কৰোৱা হ’ব।

উল্লেখ্য যে অসমত কোৰোনা আক্ৰান্ত ৰোগীসকলৰ ভিতৰত ৭০৫জন ৰোগী চিকিৎসাধীন হৈ আছে। ইতিমধ্যে সুস্থ হৈ ৬২জন লোক ঘৰলৈ গৈছে। চাৰিজন লোকৰ মৃত্যু ঘটিছে। কোৰোনা আক্ৰান্ত ৰোগীসকল কোৱাৰেণ্টাইনত আছে। আজিও বিমানযোগে কে’বাশতাধিক যাত্ৰী অসমলৈ আহে। সকলোকে কোৱাৰেণ্টাইন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আজি সোণাপুৰ চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যাৱতীয় পৰিস্থিতিৰ বুজ লৈছে। যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি হয়। তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চিকিৎসক, স্বাস্থ্যকৰ্মীসকলক নিৰ্দেশ দিছে।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে অসমে জটিল পৰিস্থিতিৰ দিশে গতি কৰিছে। অহা দহ জুনৰ পিছতেই কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পাব। কিয়নো দহ জুনৰ পিছত আৰু বহিঃৰাজ্যৰ পৰা অসমত অহা মানুহৰ সংখ্যা হ্ৰাস পাব। কাইলৈৰ পৰা কিছুসংখ্যক লোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *