Friday , September 25 2020
শেহতীয়া খবৰ

ৰাজ্যত জ্যেষ্ঠ নাগৰিকক সহায়ৰ বাবে আৰক্ষীৰ হেল্পলাইন

বয়সীয়াল লোকক ঔষধকে আদি কৰি অনন্য কাৰ্যত সহায়

৬০২৬৯০০৯৭৪, ৬০২৬৯০০৯৭৫, ৯৪৩৫২১৫০২৯ আৰু ৯১৩২৬৯৯৭৩৫ নম্বৰত জনাব পাৰিব আবেদন

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ সময়ত যাতে বয়োজ্যেষ্ঠ লোকসকল কষ্টৰ সন্মুখীন হ’ব নালাগে তথা ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ প্ৰয়োজনীয়তা আহি নপৰে সেই সন্দৰ্ভত কালি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ব্যৱস্থা গ্ৰহণৰ ইংগিত প্ৰদান কৰিছিল। বিশেষকৈ কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লকডাউন বৃদ্ধি কৰি দিয়াৰ পিছতে বিভিন্ন ক্ষেত্ৰত জ্যেষ্ঠ লোকসকল অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

বিশেষকৈ ঔষধৰ যোগানকে আদি কৰি আন আনুসংগিক কাৰ্যৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱালৈ লক্ষ্য কৰি যাতে জ্যেষ্ঠ নাগৰিকসকলে লকডাউনৰ সময়ত ঘৰতে এই সুবিধা লাভ কৰিব পাৰে তাৰ বাবে আৰক্ষীয়ে আজিৰে পৰা হেল্প লাইন মুকলি কৰিছে। উল্লেখ্য যে বহুতো জ্যেষ্ঠ নাগৰিকে বিভিন্ন কাৰণত অসুবিধাৰ সন্মুখীন হৈছে।

আনহাতে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকল অধিক সংবেদনশীল হৈ পৰাত কোনো কাৰণতে যাতে তেওঁলোক ঘৰৰ বাহিৰলৈ ওলাবলগীয়া নহয় সেই দিশত চিন্তা-চৰ্চা আৰম্ভ কৰি ঘৰৰ ভিতৰতে অসহায় হৈ থাকিবলগীয়া এনে লোকসকলৰ বাবে সকলো প্ৰকাৰৰ সুবিধা হাতত তুলি দিবলৈ প্ৰস্তুত হৈছে আৰক্ষী।

আজি অসম আৰক্ষীৰ তৰফৰ পৰা চাৰিটাকৈ হেল্প লাইন মুকলি কৰি দিয়া হয়। বয়োজ্যেষ্ঠ লোকসকলে ৬০২৬৯০০৯৭৪, ৬০২৬৯০০৯৭৫, ৯৪৩৫২১৫০২৯ আৰু ৯১৩২৬৯৯৭৩৫ নম্বৰত ফোন কৰি তেওঁলোকে সহায়ৰ বাবে আহবান জনাব পাৰিব। কোনো বয়সীয়াল লোকে যদি জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হয় তেন্তে উক্ত ফোন নম্বৰত ফোনযোগে যোগাযোগ কৰিবলৈ আৰক্ষীয়ে আহবান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *